সৰ্বাংগীন বিকাশত জীৱ শ্ৰেষ্ঠ মানৱ জাতি দুটি সত্তাৰ অধিকাৰী। একোগৰাকী হৈছে 'নাৰী' আৰু আনটি 'পুৰুষ'। একোটি শিশু ওপজা অৱস্থাত মাতৃগৰ্ভৰ পৰা এই পৃথিৱীত নাৰী আৰু পুৰুষ হিচাপে ভূমিষ্ঠ হয় , যিটো, শাৰীৰিক ভিন্নতাৰ ভিত্তিত প্ৰতিষ্ঠিত। ফলশ্রুতিত আমি সেই নৱজাত শিশুটি ল'ৰা-কন্যা সন্তান হিচাপে চিহ্নিত কৰিব পাৰোঁ, ই হৈছে এক সংসাৰৰ ধৰ্ম। সমাজত বাৰুকৈয়ে পৰিলক্ষিত হয়, এগৰাকী দম্পতীৰ কন্যা সন্তানৰ জন্ম হ'লে ই ঘৰখনৰ বাবে অস্বস্তিকৰ পৰিৱেশে বিৰাজ কৰে। কিয়নো, কন্যা সন্তানে হেনো বংশৰ মৰ্যাদা ৰাখিব নোৱাৰে। এনে অন্ধবিশ্বাসৰ ধাৰণা এতিয়াওঁ বিয়পি আছে দেশ, ৰাজ্য তথা আমাৰ সমাজ খনত। যিটো সমাজৰ বাবে হিতৰ নহয় । তথাপি সাম্প্রতিক সময়ৰ যান্ত্রিকতাৰ যুগত অন্ধবিশ্বাস বোৰ ক্ৰমে লোপ পাবলৈ ধৰিছে, বৰ্তমান নাৰী আৰু পুৰুষৰ মাজত তুলনা নাই। পুৰুষৰ সমানেই নাৰী সকলেও নিজস্ব দক্ষতাৰে নিজৰ ব্যক্তিত্বৰ দিশে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আধুনিকতাৰ যুগত নাৰী পুৰুষৰ সমতুল্য, যিটো বঢ়াই নক'লেও হ'ব। সকলোৱে অৱগত নাৰী অবিহনে সংসাৰ অস্তিত্ব বিপদাপন্ন। সেয়ে নাৰীক সন্মান কৰাটো প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য। নাৰী হৈছে মমতাময়ী, জীৱনদাত্ৰী, প্ৰাণদায়িনী। নাৰী এসময়ত কাৰোবাৰ মা, ভনী, বাইদেউ, ইত্যাদি ইত্যাদি। যাক সন্মান কৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ।
"প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হোৱা উচিত।" ----------কিয়নো নাৰী হৈছে সংসাৰৰ, ইহ: জগতত অমূল্য শক্তি, সম্পদ, প্ৰাণদায়িনী অপৰিসীম সত্তাৰ অধিকাৰী। "নাৰীয়েই ধৰ্ম-নাৰীয়েই কৰ্ম, নাৰী অবিহনে সংসাৰৰ অস্তিত্ব বিপদাপন্ন।" এগৰাকী স্ত্ৰী: সাম্প্রতিক সময়ত স্ব-নির্ভৰশীল হোৱাটো অত্যন্ত'ই অনিবার্য। কিয়নো, আজিৰ দিনত ল'ৰাত'কৈ কোনো গুণে পিছ পৰি ৰোৱা নাই ছোৱালী অথচ্ মহিলা সকল। আকাশমার্গৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্বতমালা আৰোহণ কৰা'লৈ, প্ৰত্নতাত্ত্বিক বিদৰ পৰা আৰম্ভ কৰি সংগ্রামী ৰাজনৈতিক পেক্ষাপত'লৈ। নাৰী হৈছে সৃষ্টিকাৰী সাহসিকতাৰ প্ৰতীক। সম্প্ৰতিৰ যান্ত্রিকতাৰ পৃথিৱীত সকলো শিক্ষিত। তৎসত্বেও, কিছু সমাজত ৰীতি-নীতি, প্ৰচলিত ধ্যান-ধাৰণাৰ অসৎ মনোবৃত্তি মানুহৰ মাজত এতিয়াওঁ পৰ্যাপ্ত। সমাজে শোষণ অৰ্থাৎ দমন নীতিৰে নাৰীক নিৰ্যাতন কৰাৰ উদাহৰণ হয়টো ------এতিয়াওঁ অলেখ। এই প্ৰসংগত মই বঢ়াই কোৱাৰ প্ৰয়োজন নহ'ব। ক'ম-বেছি পৰিমাণে সকলোৱে জ্ঞাত। বিশেষকৈ সমাজ তথা গাঁওঞ্চলত যৌতুক, অত্যাচাৰ, ধৰ্ষণ, নিৰ্যাতন ইত্যাদি দৰে বৰ্বৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈয়েই আছে। দৰাচলতে, শিক্ষিত সমাজৰ মানসিকতাবোৰে কেতিয়াবা অন্ধ কৰি পেলাই, ফলশ্রুতিত এনেধৰণৰ ঘটনা ৰাজ্য তথা দেশত সংঘটিত হ'বলৈ পাই। সেয়ে নিজস্ব ব্যক্তিত্বৰে সজাগ, সচেতন, সতৰ্ক, ধৈৰ্য্য, সহানুভূতিশীল হোৱাটো সকলোৰে প্ৰধানতঃ কৰ্তব্য।
"কন্যা সন্তানক শিক্ষিত কৰি স্বাৱলম্বী কৰি গঢ়ি তোলা,
তাৰ পিছতহে কন্যা গৰাকীৰ বিবাহৰ কথা চিন্তা কৰা।"
দুদিনীয়া জীৱন বাটত সচেতন অভিভাৱক হিচাপে একোগৰাকী কন্যা সন্তানক উপযুক্ত শিক্ষা, সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, নিয়মৰ আদৰ্শগত গুণৰাশিক সুস্থ মানসিকতাৰ বিকশাই তোলাতো অত্যন্তই প্ৰধানতঃ দায়িত্ব। উচ্চ শিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহিত কৰিব লাগে। মোৰ বোধে জীৱন দুদিনীয়া, এই দুদিনীয়া জীৱনত সংসাৰত পুত্ৰ কন্যাক বিভেদ দৃষ্টিভংগীৰে নাচাই, সমমৰ্মিতা আৰু ভাতৃত্ববোধৰ এনাজৰীৰে সুদৃঢ় হ'বলৈ দুয়োজনক একে দিশত অগ্রসৰ কৰোৱাটো অভিভাৱকৰ প্ৰধান কৰ্তব্য। বিশেষকৈ এগৰাকী অভিভাৱকৰ আটাইতকৈ ডাঙৰ দুচিন্তা থাকে যে কন্যা সন্তানগৰাকীৰ বিয়াৰ ক্ষেত্ৰত। যিটো সমাজৰ বাবে অভিশাপস্বৰূপ। এক কথাত ক'বলৈ গ'লে, ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে-লগে পিতৃ-মাতৃৰ চিন্তা বোৰ দিনক দিনে বাঢ়ি যায়। কেতিয়া ছোৱালীজনীক উপযুক্ত পাত্ৰৰ হাতত বিয়া দি গতাই দিব পাৰিব তাকলৈ সদায় চিন্তা। কিন্তু, এইক্ষেত্ৰত প্ৰথমতে কন্যা সন্তানটিক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি স্ব-নির্ভৰশীল কৰাটোৱেই একমাত্ৰ অভিভাৱকৰ প্ৰধানতঃ কৰ্তব্য। নিজৰ মনৰ পৰা অ-দূৰদর্শী বিমূৰ্ত চিন্তা ধাৰা বোৰ সলনি কৰাটো সময় আহি পৰিল। সময়ে কালৈকো ৰৈ' নাথাকে। জীৱন দুদিনীয়া, এই দুদিনীয়া জীৱনত সকলোকে সন্মান, শ্ৰদ্ধা আন্তৰিক মৰমৰ মাত তথা সঁহাৰি প্ৰদান কৰাটো সচেতন নাগৰিক হিচাপে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য। লগতে আমাৰ দৰে উঠি অহা প্ৰজন্মৰ বাবে আহ্বান, সকলোৱে সজাগ হওঁক, সচেতন হওঁক আৰু নাৰীক উপযুক্ত সন্মান প্ৰদান কৰি স্বাভিমানী দিশলৈ অগ্রসৰ কৰোৱাটো শ্ৰেয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ