আখৰাৰ সোৱাদ-বন্দনা ভৰালী গগৈ

©Admin
0
জীৱন এখন কুৰুক্ষেত্ৰ,
ভিন ভিন প্ৰকাৰৰ আখৰা,
সত্য বা অসত্য প্ৰমাণৰ আখৰা,
ন্যায় আৰু অন্যায়ৰ আখৰা।।

জীৱন এখন মঞ্চ,
য'ত কেৱল অভিনয়,
ভাবুক মনৰ গভীৰতা,
শুদ্ধ বা অশুদ্ধ তথ্যৰ আখৰা ।।

জীৱন এখন আখৰাৰ থলি,
আখৰাৰ শিৱিৰৰ বাবে সময় নিৰূপণ,
কেতিয়াবা মানুহ কেতিয়াবা অমানুহ,
আখৰা শিবিৰত  হয় পাকৈত ।।

জীৱন এখন বোধৰ কাৰ্যালয়,
স্থান নিৰ্ণায়ক ৰাউণ্ডত হয় পৰ্যৱেক্ষণ,
সময়বোৰ বৰ অনুপম কিন্তু আবুৰতা,
বিচাৰ কৰিবলৈ সক্ষম কেৱল প্ৰকৃত স্বৰূপৰ।।

জীৱন এখন পুন্য তীৰ্থস্থান,
কালৰ গতিত হয় নিৰ্বাচন,
সত্যৰ সংকেত পাঠোদ্ধাৰৰ পথিক,
এই আখৰাৰ সোৱাদ পোৱাজনেই  পুণ্যপ্ৰতীক।।

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)