তুমি -ৰিমাশ্ৰী কোচ ৰাজবংশী

©Admin
0
মৰহা বকুলেও সেইদিনা সুগন্ধি বিলাইছিল ,
যিদিনা তুমি মোৰ হৃদয়ৰ কাষেৰে প্ৰেমৰ নদীখনি বোৱাই আনিছিলা ।
শুকান মৰুভূমিত এজাক বৰষুণ হৈ তুমি মোৰ বিষাদৰ টোপোলাটি উতুৱাই নিছিলা ।
বিষাদে ৰাজত্ব কৰা এই হৃদয়ত পুনৰ আনন্দৰে জীপাল কৰিছিলা ।
অন্ধকাৰ কোঠাত বন্দী হৈ থকা মোৰ মনটোৱেও সেইদিনা বন্দীত্ব জীৱনৰ অন্ত পেলাই মুক্ত মনেৰে আকাশলৈ উৰা মাৰিছিল।
ধূসৰ পাহাৰতো যেন সূৰ্যৰ পোহৰ পৰি দাপোনত তোমাৰেই ৰঙীন প্ৰতিচ্ছবি আঁকিছিল।
এতিয়া,
সপোন,দিঠক সকলোতে ভাহে কেৱল তোমাৰেই ঠিকনা,
কাঠৰ পক্ষী ঘোঁৰাত উঠি ঘূৰি ফুৰা তুমিয়ে যে মোৰ সপোনৰ ৰাজকুমাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)