হাতত এখন দীঘল দা আৰু এটা ফটা চিটা মোনা।শৰীৰৰ পোছাকযোৰ বহুতেই মলিন হৈ থকা এজন বৃদ্ধ শ্ৰমিক ঘৰৰ ডাঙৰ গেটখনেদি সোমাই মাত লগালে -" ঘৰত কোনোবা আছেনে ?" মাত শুনি ছোৱালী এজনী ওলাই আহিল।মানুহজনে কামৰ সন্ধানত মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল। ছোৱালীজনীয়ে মানুহজনক দেখি মনতে বহুত দুখ পালে।কাম নাথাকিলেও ঘৰৰ ফুলনিবাৰীখনকে চাফ চিকুণ কৰিবলৈ দিলে।
কামৰ শেষত ছোৱালীজনীয়ে যেতিয়া মানুহজনলৈ কাম কৰাৰ বাবদ পইচা আগবঢ়াই দিছিল। তেতিয়া তেওঁ কৈছিল -" আই অ' মোক পইচা নালাগে। মোৰ বৰ ভোক লাগিছে। মোক কিবা খাবলৈ দিলেই হ'ব।"
ছোৱালীজনী আনৰ প্ৰতি সহানুভূতিশীল আছিল।মানুহজনৰ কথাষাৰ শুনি তেওঁক কিবা খাবলৈ দিয়াৰ উপৰিও দুটকামান পইচাও বেছিকৈ দি কৈছিল -" এয়া লওঁক।আহি থাকিব ।কিবা অসুবিধা হ'লে ক'ব।" মানুহজনৰ মন ভৰি পৰিছিল ছোৱালীজনীৰ দয়ালু মনোভাৱ দেখি। তেওঁ গুছি গৈছিল প্ৰাপ্তিৰ হাঁহি মাৰি।
✍️দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ