ফাগুন তুমি যোৱা বাটেৰে-বিতুপন চৌধুৰী

©Admin
0
ফাগুনৰ সৰা পাতৰ শব্দৰ
বিননি কোনে শুনিব আজি ?
বৰ্ষাৰ সেউজীৰ আনন্দ
কিয় বাৰু 
এতিয়া মাথোঁ চকু পানী?
ফাগুনৰ শুকান বতাহত 
সৰি যায় হেজাৰ সপোনৰ কলি,
কোনোবাই গৈছে সেই সৰা পাত
গছকি নিজৰ সপোনৰ ঠিকনা বিছাৰি।
কি পাবা তুমি আজি
শুকান ফাগুনৰ শুকান বননিত
সকলো চোন গৈছে সৰি,
হৈছে সকলো চেদেলি ভেদেলি।
তুমি অহা বাটেৰে
গলা গৈ আকৌ উভতি,
সৰা পাতত খোজ দি তুমি যোৱা
শব্দবোৰ ভাহি আহি পৰিছেহি কাণত
বিষাদ বেদনা আৰু শুকান ফাগুনৰ বতাহে
শূণ্য কৰি যোৱা নগ্ন গছৰ
হিয়া ভঙা কান্দোনৰ উচুপনি।
নাহিব নেকি বাৰু
মদাৰ ফুল, ৰঙা শিমলুৰ
আৰু ফাশুন পলাশী প্ৰেমৰ মাদকতা
আকৌ এবাৰ যোৱা বাটেৰে উভতি!? 

✍️বিতুপন চৌধুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)