সৰাপাতৰ উচুপনি-সীমা ৰবিদাস

©Admin
0
কেতিয়াবা শুনিচানে বাৰু সৰাপাতৰ উচুপনি ? 
সৰাপাতৰ বেদনা বুজিব নোৱাৰে মলয়াই। 
ফাগুনৰ প্ৰেমত ভাগি পৰে সৰাপাত , 
টোকোৰা টোকোৰা হৈ। 
সৰাপাতে আমনি নকৰে ফাগুনী পচোৱাক ,
ফাগুনে বিচৰা দৰে নিৰৱে ভাগি যায় ! 
মলয়াই যেনিয়েই নিয়ে তেনিয়েই উৰি যায়
কোনো প্ৰশ্ন নকৰি , 
ফাগুনৰ মায়াজালত পৰি 
সৰি পৰে সৰাপাত , 
নিজৰ অস্তিত্ব পাহৰি। 
ফাগুনৰ পিছতে বসন্তৰ জাননী , 
কুঁহিপাত গজিব, অতীত হৈ ৰ'ব
সৰাপাতৰ বিননি। 
প্ৰকৃতিয়ে সাজিব ন সাজেৰে 
ঢাকিলৈ নতুনত্বৰ উৰণি , 
কোনেনো শুনিব সৰাপাতৰ উচুপনি।। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)