এতিয়া বিকৃত হ'ল জীৱন!
পথাৰৰ আলিৰ পৰা ৰাজপথলৈ
হৃদয়ৰ পৰা মগজুলৈ
সকলোবোৰ বিকৃত হ'ল
সেয়ে স্মৃতিয়ে দোষাৰোপ কৰে বৰ্তমানক ।
এই যে পাহৰণিৰ বোকাত হেৰাই যায় জীৱনটো
যে নিজৰ বাবেই এদিন মৰিব
নিজৰ জীৱনৰ হাঁহি , সুখ আৰু শান্তি ।
প্ৰাপ্তিৰ বোকোচাত আৰু
জীৱনটো শেষ কৰা হাবিয়াস ক্ৰমে হত্যা হৈছে
সুন্দৰভাৱে প্ৰতিদিনে ।
মই মৰো
মই কান্দো, হাঁহো
নিজৰ বাবে নহয় জানো !
সেয়ে এতিয়া যে বিকৃত সকলোবোৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ