গাঁৱলীয়া ল'ৰা আমি-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
গাঁৱলীয়া ল'ৰা আমি
খেতি পথাৰত থাকো
ইচ্ছা হ'লেই খেলত মত্ত 
প্ৰাণ খুলি হাঁহো ।

মধুৰ  কণ্ঠত সংগীত গাই
বিদ্যালয় লৈ যাওঁ
মানুহ হ'ব খেতিয়কৰ সন্তান
আনন্দৰ সীমা নাই।

হঠাৎ এদিন দেউতাৰ মৃত্যু
মাতৃও কাষত নাই
মধুৰ সপোন বিলীন হ'ল
হাতত নাঙল লৈ।

সোণৰ দেশত শস্য ফলাও
নাপাওঁ ন্যায্য দাম
খেতিয়কৰ সন্তান দুখীয়াই ৰ'ল
ৰ'দত ওলায় ঘাম ।

বৰষুণ আহিলে মূৰ তিতে
ভঙা পজাত থাকো 
চ'ত মাহৰ প্ৰচণ্ড বতাহত
ঘৰ উৰুৱাই নিয়ে।

থাকো আমি গছৰ তলত 
শীতত কপে দেহা
ধনীৰ দুলাল থাকে সুখত
আমি নাপাওঁ কেঁথা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)