ধন্য নৰতনু ভাল-জিতেন চেতিয়া

Rinku Rajowar
0
আমি প্ৰতিদিনে নিজেই নিজক হেৰুৱাই পেলাইছো !

মই পৰা মোৰলৈ থকা সুষ্ঠ মানসিকতা
মোৰ পৰা তোমাৰলৈ থকা সৱল মানৱীয়তা !

কি হেৰুৱাই 
কি পাইছোঁ জীৱনত ভাবিবলৈ  আহৰি নাই
মাথোঁ গিনিপিগ হৈ উপভোগ কৰিছোঁ
উপভোক্তা হৈ নিয়মৰ বোকোচাত ৷

সময় দিন বাৰ 
আজি যেন গৌণ ---
লালসাৰ মৰা সুঁতিত মানিক বিচাৰি
মুকুতাকে এৰিছোঁ

ইতিহাসক পাহৰি গলোঁ
পাহৰি গলোঁ দেশ গঢ়োৱা 
সেই দেশান্তৰ সকলক
যি আমাৰ ভৱিষ্যত নিৰ্ণায়ক আছিল ৷

আমি মাথোঁ দৌৰিছোঁ আগলৈ
কেতিয়াবা মানুহৰ নিচিনাকৈ
কেতিয়াবা বান্দৰৰ দৰে
কেতিয়াবা কুকুৰৰ দৰে অলিয়াবলিয়াকৈ
এখন বিৰাট বজাৰত মালিকীস্বত্ব বিচাৰি ?

ধন্য নৰতনু ভাল
কলিৰ শেষত হব কল্কি অৱতাৰ
আমি নিশ্চয় তাকেইতো কামনা কৰোঁ 
নহয় নে বাৰু ---৷

           ✍️ জিতেন চেতিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)