তুমি মোৰ কাষত নাই বুলি
মই তোমাক পাহৰি গৈছো ,
কেতিয়াও নাভাৱিবা তুমি
মোৰ জীৱনত তোমাৰ অস্তিত্ব নাই বুলি ।
জানানে তুমি . . . . . . .
তোমাক এতিয়াও ৰাখিছো
মোৰ হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ,
তুমি এতিয়াও মোৰ হৃদয়ৰ নিভৃত কোণতেই আছা
তুমি আজি মোৰ কাষত নাই সচাঁ
কিন্তু এতিয়াও তোমাক ......
মই জীয়াই ৰাখিছো জানা
মোৰ হৃদয়ৰ নিভাঁজ কোণত ।
জানানে আজিও হৃদয়ে তোমাকেই বিচাৰে
তোমাৰ বাবেই আজি মই ৰৈ আছোঁ,
এটি বিষন্ন মন লৈ
দিখৌৰ ঘাটত বহি
বহুদিন বহুৰাতি তুমি আহিবা বুলি
তুমিতোঁ আহিব পাৰা ..........
একাঁজলি সোণোৱালী ৰদ হৈ
নতুবা এজাক বনৰীয়া ফুল হৈ ।
ৰৈ আছোঁ বহু আশাৰে
কিজানিবা তুমি আহিলেই
আন্ধাৰবোৰ আঁতৰিব
তৰাবোৰে জোনৰ দৰে পোহৰ দিব ।
জানা তুমি.......
মই একুৰা জুই লৈ জীয়াই আছোঁ
তুমি আহিলেই হয়তো এই জুইকুৰা চেচা পৰিব
আৰু কি জানা ,
এজাক ধুমুহাৰ সৈতে মই খেলিছোঁ
তুমি আহিলেই এই ধুমুহাজাক নাইকিয়া হব ।
বহু আশাৰে ৰৈ আছো তোমালৈ
মোৰ আধৰুৱা জীৱনটোক সম্পুৰ্ণ বুলি
আহানা তুমি মোৰ সপোনবোৰক ৰঙীন কৰি তোলাহি,
তুমি আহিবা বুলিয়ে.........
হৃদয়ত অলপ মৰম লৈ
তোমালৈ সাঁচি ৰাখিছো মোৰ হৃদয়ৰ
এটা কোণত অলপ মৰম
তুমি আহিবা বুলিয়ে মই ৰৈ থাকিম
বহু আশাৰে ..........।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ