সন্ত ৰবিদাসদেৱৰ ভক্তি সাধনা-পঙ্কজ ৰবিদাস

©Admin
0
পঞ্চদশ শতিকাত ভাৰতবৰ্ষত বিদেশী আতিশৰ্য্য হৈছিল। সেই সময়ত ঘজনি, ঘোৰী, দাস বংশ, খিলজী, টুগলক মোগল আদিয়ে বাৰম্বাৰ ভাৰত আক্ৰমণ কৰিছিল। বিদেশী চুলতান সকলে স্হানীয় জনসাধাৰণৰ মনত আশংকাৰ সৃষ্টি কৰি নিজৰ শাসন দৃঢ় কৰিবলৈ বিচাৰিছিল। হিন্দু সকলৰ ওপৰত জিজীয়া কৰ লগাই ইছলাম ধৰ্মলৈ বৃহৎ হাৰত ধৰ্মান্তৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। তেওঁলোকে নানা অত্যাচাৰ কৰি থলুৱা সংস্কৃতি আৰু ধৰ্ম ধ্বংস কৰিবলৈ বিচাৰিছিল। আনহাতে হিন্দু চতুবৰ্ণ প্ৰথাই জন্মগত ভাৱে উচ্চ-নীচৰ ধাৰণা সৃষ্টি কৰি বঞ্চিত শুদ্ৰ, অতিশুদ্ৰ সকলৰ ওপৰত ভেদভাৱৰ এক সন্ত্ৰাস সৃষ্টি কৰিছিল। তেনে সময়তে ১৩৭৭ চনত উত্তৰ প্ৰদেশৰ পবিত্ৰ তীৰ্থভূমি কাশীত এক শুদ্ৰ পৰিয়ালত পিতৃ সন্তোখ দাসৰ ঔৰষত আৰু মাতৃ কৰমা দেৱীৰ গৰ্ভত বঞ্চিত সাধাৰন জনতাৰ প্ৰতিনিধি হিচাবে সন্ত ৰবিদাস দেৱৰ আৰ্বিভাৱ হয়।                               সন্ত শিৰোমণি ৰবিদাসদেৱে কৈছে- "ৰবিদাস মদুৰা কা পীজিয়ে, জো চঢ়ৈ চঢ়ৈ উতৰায়।........" ।   মদুৰা মানে মদিৰা বা সুৰা বা সোমৰস; যি সোমৰস দেৱৰাজ ইন্দ্ৰকে ধৰি দেৱগণে পান কৰি আমোদ প্ৰমোদত মত্ত আছিল। কিছুলোকৰ মতে সুৰা পান কৰা বাবেই দেৱতাসকলক সুৰ আৰু সুৰা পান নকৰাসকলক অসুৰ বুলি কোৱা হয়। অৱশ্যে আন একাংশই  এই মত মানি নলয় আৰু তেওঁ লোকে অসুৰ সকলেহে ব্যাপকভাৱে সুৰা পান কৰিছিল বুলি কয়। যিয়েইবা নহওঁক, সুৰা এবিধ নিচাজাতীয় আৰু স্বাস্হ্য হানিকাৰক পানীয় বুলি জনা যায়। কিন্তু গুৰুজনাই কিয় এই মদিৰা পান কৰাৰ কথা কৈছে ? আমি জানো যে নিচাজাতীয় পানীয় গ্ৰহন কৰাৰ ফলত ক্ষন্তেক
ৰ বাবে হলেও মানুহে বিবেক বুদ্ধি হেৰুৱাই আৰু নিচাৰ ৰাগীত বিভুৰ হৈ থাকে। আচলতে গুৰুজনাই এই মদিৰাৰ কথা কোৱাই নাই। তেওঁ‌ নাম মহাৰসহে পান কৰিবলৈ কৈছে। যি এবাৰ  নামৰ নিচাত মগ্ন হৈ যায়, সেই নিচা বা আসক্তি বৃদ্ধিহে হয়,কিন্তু কেতিয়াও হ্ৰাস নহয় ।সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱে কৈছে যে সেই মদিৰা পান কৰিনো কি লাভ, যাৰ নিচাৰ ৰাগী কিছুপৰ থকাৰ পিছতে নাইকিয়া হৈ যায়। সেয়ে গুৰুজনাই কয় যে নাম মহাৰস পান কৰা, যিয়ে মনত আনি দিব অনাবিল শান্তি। গুৰুজনা নিৰ্গুণ ব্ৰহ্মৰ উপাসক আছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই হোম, যজ্ঞ আদি বাহ্যিকতাত নগৈ কেৱল ভগৱন্তৰ নাম হৃদয়ত জপ কৰিবলৈ উপদেশ দিছিল।                                    সন্ত ৰবিদাসদেৱৰ আধ্যাত্মিক গুৰু স্বামী ৰামানন্দ দেৱ বুলি কিছু গ্ৰন্হত উল্লেখ আছে যদিও আধুনিক কিছু বিদ্ধান লোকে এই কথাটো অস্বীকাৰ কৰিছে। কাৰন ৰামানন্দ দেৱৰ আৰাধ্য দেৱ সীতা লক্ষ্মণৰ সৈতে দাসৰথী পুৰুষোত্তম ৰাম। কিন্তু গুৰু ৰবিদাসদেৱে নিজৰ পদত তেওঁৰ আৰাধ্য ৰাম দশৰথ নন্দনৰ পৰিৱৰ্তে পৰম ব্ৰহ্ম বুলিহে উল্লেখ কৰিছে আৰু কাজেই তেওঁৰ ভক্তি পদ্ধতি ৰামানন্দী সম্প্ৰদায়ৰ পৰা পৃথক বুলি ভাৱিবৰ থল আছে। আনহাতে সন্ত ৰবিদাস দেৱে নিজৰ কোনো পদ বা বাণীতে স্বামী ৰামানন্দ দেৱক স্মৰণ কৰা নাই। তাতে ভাৰতীয় সমাজ ব্যৱস্হা মতে তথাকঠিত নিম্ন বংশজাত এজন শূদ্ৰ লোকক সেই সময়ৰ সমাজ ব্যৱস্হাত এজন ব্ৰাহ্মন গুৰুৱে শিষ্য হিচাবে গ্ৰহন কৰাত অসুবিধা আছিল। সেয়ে দুই এক গৱেষক লেখকে সন্ত ৰবিদাসদেৱৰ কোনো গুৰু নাছিল বুলি ক'ব খোজে।  গুৰু ৰবিদাস দেৱে ভক্তিৰ প্ৰসংগত কৈছে- "কৃষ্ণ-কৰীম, ৰাম-ৰহিম, হৰি-ৰাঘৱ এইসকলক এটা ৰূপত নেদেখালৈকে আৰু বেদ-পুৰাণ-কুৰাণত বৰ্ণিত ব্ৰহ্মক এটা ৰূপত অনুভৱ নকৰালৈকে সকলো প্ৰকাৰৰ পূজা-উপাসনা অনৰ্থক। লগতে মন চঞ্চল হ'লে সত, ৰজ, তম- এই তিনি বিকাৰ থাকিব আৰু তেতিয়া ভক্তি অশুদ্ধ হ'ব। চঞ্চল মনে মানুহক পৰমাত্মাৰ পৰা পৃথক কৰি ভক্তিমাৰ্গৰ পৰা আতঁৰাই কুমাৰ্গ, সাংসাৰিক বিষয় , ভোগ আদিত প্ৰবৃত্ত কৰায় আৰু এনে ব্যক্তি কাম, ক্ৰোধ, লোভ আদিৰ মায়াজালত আবদ্ধ হয়। আনহাতে হৰিভক্তিত নিমগ্নজন নিৰ্মল আৰু স্হিয চিত্তৰ হয় আৰু এনে ভক্তিয়েই প্ৰভূৰ অনন্য শুদ্ধ ভক্তি।                     
ৰবিদাস দেৱৰ ভক্তি সাধনাত মধ্যযুগীয় বিদেশীৰ দ্বাৰা পীড়িত ভাৰতীয় জনতাৰ বাবে ভক্তিৰ সৰলতম ৰূপ প্ৰেমস্বৰূপা ভক্তি ও ৰাম নাম স্মৰণৰ মহত্ব দি গৈছে। অসমৰ প্ৰবাদ প্ৰতীম মহাপুৰষ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই  সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱেও কলি যুগত ৰাম নামেই সাৰ বুলি কৈছে। ৰবিদাস দেৱৰ ৰাম নিৰাকাৰ, নিৰ্লেপ ও নিৰ্বিকাৰ। কেৱল এক ভক্ত হৃদয়েহে ৰামৰ সৰ্বব্যাপকতা অনুভৱ কৰিব পাৰে। গুৰুজনাৰ উপাস্য দেৱ ৰামৰ নাই কোনো গাওঁ, নাই এক স্হান আৰু নাই নিশ্চিত নাম; অৰ্থাৎ তেওঁ সৰ্বব্যাপক। গুৰুজনা শান্ত চিত্ত আৰু নম্ৰ স্বভাৱৰ হেতুকে বিৰুদ্ধী বা শত্ৰুকো তেওঁ কেতিয়াও উত্তেজিত হৈ প্ৰতিবাদ কৰা নাছিল। এবাৰ সাধু সংগতত উপস্হিত জনতাক উদেশ্যি তেওঁ কৈছিল, " হে ভকত বান্ধৱ, হৰি নাম কাৰো পৈত্ৰিক সম্পত্তি নহয়। ইয়াত কোনো কুল, বল, ধন, সম্পদ অথবা জাত পাতৰ ভেদভাৱ নাই। ভগৱন্তৰ দৰবাৰত সকলো সমান। তেৰাৰ নাম শ্ৰৱন-কীৰ্তনৰ দ্বাৰাইহে সকলোৰে উদ্ধাৰ সম্ভৱ। মানুহ মহৎ বা উচ্চ ব্যক্তি সেইজনেই হ'ব, যিজনে হীৰা ৰূপ হৰিক পৰশ কৰিব পাৰে আৰু পৰৰ দুখ অনুভৱ কৰিব পাৰে। মধ্য যুগত বিদেশীৰ দ্বাৰা প্ৰতাৰিত ও উপেক্ষিত ভাৰতীয়ক ঈশ্বৰভক্তিৰ এক সত্য আৰু সৰল পথ গুৰুজনাই দেখুৱাই গৈছিল।     


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)