কুঁৱলী-নৱজিৎ নাথ

©Admin
0
কুঁৱলী মানেই,
কৃষকৰ সপোনৰ
আঘোণ পথাৰত
আৱৰি পেলোৱা এখনি
মায়াসনা বিশাল তন্দ্ৰাজাল।। 

কুঁৱলী মানেই,
শৰতৰ আবেগ সনাৰ
এটুকুৰা দুবৰি দলিছাত,
 মুকুতাৰ মণিত গচকি যোৱা।
  নিয়ৰসনাৰ সিক্ত কণিকাৰ 
 এটোপ এটোপ ডাৱৰৰ পানী ।।

কুঁৱলী মানেই,
শুভ্ৰ এটুপি নিয়ৰ কণিকাই 
আৱৰণেৰে আবৰি পেলোৱা,
সেই ঘৰৰ পদূলী সন্মুখৰ 
 ৰঙা গোলাপ পাহি ।।

কুঁৱলী মানেই ,
 আঘোণৰ পথাৰত মাজত
 কুঁৱলী ফাঁকৰ বগা বগা আৱৰণত
 দাৱনী আৰু ৰছীক হেৰুৱাই পেলোৱা 
  অদৃশ্য অদৃশ্য এখন উকা পৃথিৱীৰ ।

✍️নৱজিৎ নাথ।
ছিপাঝাৰ দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)