পকামুৰা পথাৰৰ বাৰেচহৰীয়া ভাওনা -বসন্ত ওজা

©Admin
0
জামুগুৰি হাটৰ
পকামুৰা পথাৰৰ
      ভাওনা বাৰেচহৰীয়া ।
ভাৰত বৰিষৰ এক
বৈচিত্ৰময় কৃষ্টি
     বুঢ়ালুইত ভৰলী পৰীয়া ।।
বহু চহৰ নগৰৰ
ৰজা প্ৰজা মিলি
   প্ৰতি পাঁচ বছৰৰ মূৰত ।
উদযাপিত হৈ আহিছে
এই মহা মহোৎসৱ
    পথাৰ পকামুৰাৰ বুকত ।।
মনত অনুমান হয়
ডেকা সুন্দৰৰ এই পথাৰত
                  ৭০/৮০ দশকত ।
শোণিতপুৰ জিলাৰ
বিয়াগোম ভাওনাই
      সম্প্ৰীতি ৰচে পথাৰত ।।
এই ভাওনা মহোৎসৱৰ
লিখিত সমল বিচাৰি
      নাপালো একো গমগতি ।
জাতি ধৰম নিৰ্বিশেষে
লিখিলো এটি টোকা
       বিশ্বনাথৰ মই হীনমতি।।
বাৰে চহৰীয়া ভাওনাৰ
মূল বৈশিষ্ট দেখিছো
      শত শত জনতাৰ সমাগম ।
মহান মানৱতাৰে
জামুগুৰীয়া সেৱকীয়ে
     পখালিছে কত শত চৰণ ।।২১ খন
খলাই পৃথকে পৃথকে
     ধৰে ৰূপ বৃত্তাকাৰ ।
সিংহাসন প্ৰতিস্থিত
পশ্চিমৰ খলা যিয়ে পায় 
      মুখ্য ভূমিকা থাকে তাৰ ।।
অঙ্কীয়া নাট ঝুমুৰাৰ
আদিপাঠৰ আগতে
 মুখ্য খলাত গায়ন 
              বায়নৰ ভাও ।
বাকী উপখলাৰ
সকলোৱে একে সুৰত
      বায় খোল আৰু নাও ।।
এই জামুগুৰি হাটেই
শোণিত কোঁৱৰ গজেন বৰুৱাৰ
           আদৰৰ ওপজা ভূমি ।
বিশ্বনাথৰ পৰা
ভকতিৰ শকতিৰে
       আছো ভক্তপ্ৰাণৰ 
                  চৰণ চুমি ।।
নাজানো জামুগুৰি হাটৰ
      কৃষ্টিৰ ইতিহাস
         তথাপিও ধৰিছো কলম ।
ভুল ভ্ৰান্তি মাৰ্জনা কৰি
এই অভাজনক
       যাঁচিবনে অযুত মৰম ?

     ✍️বসন্ত ওজা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)