প্ৰিয়তমা-মাৰ্জিনা বেগম

©Admin
0
বহু দিনৰ অন্তত 
হাতত তুলি ল'লো 
তোমালৈ লিখোঁ বুলি 
 কাগজ আৰু কলম । 
অপেক্ষাৰ বাটঘৰত 
সৰা পাতত গাঁথি দিয়া 
পামনে তোমাৰ উৰণীয়া চিঠিৰ উত্তৰ ?
তুমিতো জানাই 
ফাগুন মোৰেই সদায় ,
উৰি ফুৰে মোৰ জীৱন চিলা 
 বিষাদিনী পছোৱাৰ আঁচল কোবাই ।

প্ৰিয়তমা, 
তুমি মন কৰিছা নে ? 
জীৱনত তোমাক দিব পৰা নাই 
 পলাশৰঙী এষাৰি মাত.....
ধূসৰিত ধূলিত হ'লা বিলীন ।
তুমিতো নাজানা !
তোমাক ভাল পোৱাও নহ'ল ,
অসংলগ্ন কবিতাৰ শাৰীত 
মাথোঁ জোন বেলি তৰাৰে...
সবিনয় নিবেদন 
 সৰল ৰেখা টানি 
তোমাৰ কাষ পোৱাৰ ।।

✍️মাৰ্জিনা বেগম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)