ভালপোৱাৰ খৰিকাজাঁই -ৰিতুৰাজ বুঢ়াগোঁহাই

©Admin
0
তুমি মোৰ দুখবোৰ ধুই  
নিবলে নাহিবা……!!
মই  যিদৰে আছো তেনেদৰে থাকিবলে দিয়া ৷ 
ভালপোৱাৰ খৰিকাজাঁই  
 নতুবা হাছনাহানাৰ ঠিকনা মোৰ বুকুত নুগুজিবা ৷ 
 আকি নিদিবা কপালত সুখৰ বেলি ৷  
অনুৰোধ তোমাক.... 
কাহানিও মোক ভালপাওঁ বুলিও নক'বা ৷  
 থাকিবলৈ দিয়া এই হৃদয়… 
এই দুখ… এই প্রেম… এই  
 ব্যৰ্থতা মোৰ…. 
 তুমি মোৰ দুখ বোৰ ধুই 
নিবলে নাহিবা   
 দুখবোৰ নাথাকিলে.  
কেনেকৈ বুজিম তুমিহীনতাৰ 
যন্ত্রণা কিমান ? 
 তোমাক পোৱাৰ আকুলতা কিমান ? 
তোমাক কিমান ভালপাওঁ  
 তাৰ হিচাপ এই 
দুখবোৰে দিয়ে বাৰে বাৰে মোক  
  সেইহে……..!
তুমি মোৰ দুখ বোৰ ধুই 
 নিবলে নাহিবা…!! 
          

◾ৰিতুৰাজ বুঢ়াগোঁহাই ,
   চৰাইদেউ 
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)