শৰৎ -আব্দুল কাদেৰ মিঞা

©Admin
0
শৰৎ মানে উৎসৱৰ বতৰ ।
শৰৎ মানে শাৰদীয় 
 দেৱী দুৰ্গাৰ আগমন ।
শৰৎ মানে শেৱালি ফুল
ফুলিছে গছত বকুল ফুল।
শৰৎ মানে কঁহুৱা বন
লক্ষ্মী পূজাৰ আগমন।
শৰৎ মানে দীপাৱলী 
পোহৰে কৰিব উজ্জ্বল।
শৰৎ মানে কালীপূজা
মা কালীৰ আগমন।
শৰৎ মানে কাতি বিহু
সেউজীয়া পথাৰৰ আগমন 
কষ্টৰ ফলত কৃষকে 
পথাৰত পাব সোণালী ধান।
অপৰূপা ৰূপৰ বাবেই
শৰৎ আজি ৰাণী হ'ল।
দিন চুটি কৰি
ৰাতি দীঘল হ'ল।
শৰতৰ আগমনে 
বতৰ ফৰকাল ।
পুৱাৰ পোহৰ অহাৰ আগত
দেখা পাওঁ কুঁৱলী।
প্ৰভাতৰ সূৰ্যৰ ৰশ্মিত 
দেখা পাওঁ জোনাকী।
মিচিকিয়াই হাঁহি থাকে
শৰতৰ কুঁৱলী!
চুই দিলে হেৰাই যোৱা
হৃদয়ক কৰা আমনি ।
মোহিত কৰিলে শৰতৰ কুঁৱলী।
শৰৎ মানে সেমেকা ৰাতি
স্বপ্ন জগতৰ চাবি কাঠি।
শৰৎ মানে স্বপ্ন জগত
কবিতাৰ আগশাৰী 
জিলিকি উঠে কবিৰ মনৰ 
কবিতাৰ শৈলী।

✍️আব্দুল কাদেৰ মিঞা 
দূৰভাষ: +918472880283 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)