মোৰ কাষলৈ নাহিবি ঘূৰি
কৰ নতুন ফুলৰ সন্ধান ,
ফুলবোৰ ভালকৈ চাই ল'বি
সৌন্দৰ্যতো গুৰুত্ব দিবি
সৌৰভে যাতে কৰে মুগ্ধ প্ৰাণ।
কলি হ'লে দীৰ্ঘম্যাদী
পৰিপূৰ্ণই থাকিব মৌজোল
পাহিবোৰো তেনেই হ'ব মসৃণ,
অন্যথা তইও হতাশ হ'বি
বেদনাৰে আক্ষেপ কৰিবি
মৌজোল নাপাবি বেছি দিন ।
পাবি জানো সপোন সদৃশ
নানা ৰঙী ফুলৰ বাগিছা?
ই যেন তেনেই দুৰ্লভ সম্প্ৰতি,
তোৰ সয়ম্ভৰ হ'ব বুলি
কোনোবা অচিন মালিয়ে
ৰুব জানো ফুল নানা জাতি।
অহংকাৰী নহ'বি তই
নানা ফুলৰ মৌ চুহি চুহি
আত্মহাৰা নহ'বি আনন্দতে,
ফুল বুলি ভাবি কৰিলে প্ৰবেশ
প্ৰাণবায়ু নিব কাঢ়ি
মাৰাত্মক কলচী উদ্ভিদে।
Oo nice poem
ReplyDelete