তোমাৰ অপেক্ষাত- আব্দুল কাদেৰ মিঞা

©Admin
0
আজি সমুদ্ৰৰ পাৰত বহিছিলোঁ
তোমাক লগ পোৱাৰ অপেক্ষাত,
ভাবিছিলো তুমি আহিবা
সাগৰৰ ঢৌৰ সৈতে মিহলি হৈ 
তিতিম দুয়ো প্ৰেমৰ সাগৰত 
তথাপিও তুমি নাহিলা
প্ৰত্যাশাবোৰ মোৰ প্ৰত্যাশা হৈয়ে ৰ'ল
তোমাক লগ পোৱা নহ'ল।

ভাবিছিলো দুপৰীয়াৰ শেষত
গধূলিৰ ৰঙত তোমাক বিচাৰি পাম,
আজি সকলো নীলা আছিল
তোমাক দেখা নাপালোঁ
আশাবোৰ মোৰ আশা হৈয়ে ৰ'ল
বাস্তৱ আৰু নহ'ল।

ভাবিছিলো সন্ধিয়াৰ তৰাৰ মাজত
তোমাক বিচাৰি পাম
দেখিম তোমাৰ উজ্জ্বল হাঁহি ভৰা মায়াবী মুখ, 
তুমি আহিছিলা ঠিকেই
কিন্তু নাহাঁহিলা !
কল্পনাবোৰ মোৰ কল্পনা হৈয়ে ৰ'ল
বাস্তৱ আৰু নহ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)