বাল্য বিবাহৰ বাবে দায়ী কোন- নাছিৰ আহমেদ

©Admin
0
বাল্য বিবাহৰ বাবে দায়ী কোন? এই বিষয়ে আলোকপাত কৰাৰ আগতে আহকচোন আমি সকলোৱে প্ৰথমতে বাল্য বিবাহ বুলি ক'লে কাক কয় জানি লওঁ।
          সাধাৰণতে, আমাৰ দেশৰ সংবিধান অনুসৰি এজন নাগৰিকে ওঠৰ বছৰ বয়স হ'লে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে অৰ্থাৎ প্ৰাপ্তবয়স্ক লাভ কৰা বুলি স্বীকৃতি প্ৰদান কৰা হয়।

এই ওঠৰ বছৰ বয়সৰ ডেকা গাভৰুক বিবাহ কাৰ্য্য সম্পন্ন কৰিবলৈ চৰকাৰী ভাবে মানি লোৱা হয়।
তাৰ আগতে বিবাহ পাশত আবদ্ধ হলে বাল্য বিবাহ বুলি কোৱা হয়। আৰু এই বাল্য বিবাহক আইনতঃ অবৈধ বুলি ঘোষণা কৰা হয়।

এতিয়া আমি গোটেই পৃথিৱীৰ পুৰণি সমাজ ব্যৱস্থা পৰ্যবেক্ষণ কৰিলে দেখা পাওঁ যে, এসময়ত সকলো দেশতে অভিভাৱক সকলে কম বয়সৰ ল'ৰা ছোৱালীৰ মাজত কম বয়সত বিয়া পতাই দিয়া দেখা গৈছিল। এনেকি সৌ সিদিনালৈকে ভাৰতৰ বিভিন্ন প্ৰান্তত বাৰ বছৰীয়া ছোৱালীকো বিবাহ -যোগ্যা পূৰ্ণ বয়স্কা বুলি কোৱা হৈছিল। 

কুৰি শতিকাৰ তৃতীয় দশকৰ শৰৎচন্দ্ৰ চট্টোপাধ্যায় আৰু আশাপূৰ্ণা দেৱীৰ উপন্যাস বা গল্পসমূহ পঢ়িলেই আমি পাওঁ যে, পশ্চিম বংগৰ সমাজ ব্যৱস্থাত ছোৱালী বিলাকে বিশেষকৈ বামুণৰ ছোৱালীক পুষ্পিতা কাল আৰম্ভ হোৱাৰ আগতে বিয়া দিব নোৱাৰিলে গোটেই জীৱন বিয়া নোহোৱাকৈ থাকিব লাগিছিল।

বৰ্তমান যুগতো উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বিশেষকৈ বিহাৰ ৰাজ্যত বাল্য বিবাহ বহুলভাৱে প্ৰচলিত হৈ আছে।

আমাৰ অসমৰ চৰ চাপৰিৰ মুছলমান সকল আৰু জনজাতীয় মূলৰ লোক সকলৰ ভিতৰত বাল্য বিবাহ এটি সামাজিক ব্যাধি হিচাপে চলি আছে।

তাৰ মূল কাৰণ হৈছে
১/ অশিক্ষা :- শিক্ষা নথকাৰ ফলত এই অনুন্নত সমাজ সমূহত বাল্য বিবাহ বহুলভাৱে প্ৰচলিত হৈ আছে।
২/দৰিদ্ৰতা:- আৰ্থিক অনাটনৰ কাৰণেও এই চৰ চাপৰি আৰু পাহাৰীয়া জনজাতিৰ লোকসকলৰ মাজত বাল্য বিবাহ চলি আছে।
৩/কুসংস্কাৰ বা অন্ধবিশ্বাস:- এই অশিক্ষিত বা অৰ্ধশিক্ষিত সমাজত নাৰীক ঘৰৰ চাৰিবেৰৰ মাজত সোমাই ৰখা বা নাৰীৰ সৃষ্টি কেৱল পাকঘৰৰ ৰন্ধা-বঢ়া আৰু সন্তান জন্ম দিয়াৰ যন্ত্ৰ মাথোন ভৱা হয়। তাৰ ফলত কম বয়সতে ছোৱালীক বিয়া দিয়া হয়।
৪/ধৰ্মীয় গোড়ামী:- ধৰ্মীয় গোড়ামীৰ বাবেও সমাজত বাল্য বিবাহ প্ৰচলিত হৈ আছে। কাৰণ, ধৰ্মীয় গোড়ামী মতে দহ বা বাৰ বছৰীয়া ছোৱালীয়ে যিহেতু সন্তান জন্ম দান কৰাৰ ক্ষমতা লাভ কৰে , গতিকে এই বয়সতে ছোৱালীক বিয়া দিয়া উচিত। আৰু ছোৱালীৰ একমাত্ৰ কাম হ'ল কেৱল পুৰুষক সেৱা কৰা। কাৰণ, পুৰুষৰ বা কামিহাড়েৰে ঈশ্বৰে নাৰীক সৃষ্টি কৰিছে । নাৰী হ'ল পুৰুষৰ অৰ্ধাঙ্গিনী ,( Better half) পুৰুষৰ ভৰিৰ তলত নাৰীৰ স্বৰ্গ ইত্যাদি ।

৫/সামাজিক সুৰক্ষাৰ অভাৱ:- সামাজিক সুৰক্ষাৰ অভাৱৰ বাবেও অনিচ্ছা সত্বেও বহুত কম বয়সীয়া ছোৱালীয়ে বাল্য বিবাহত সন্মতি প্ৰদান কৰিবলৈ বাধ্য হয় । বহুত ছোৱালীয়ে অসৎ চৰিত্ৰৰ যুৱকৰ দ্বাৰা ধৰ্ষিতা হৈ বিয়াত সোমায় বা আৰ্থিক দুৰ্গতিৰ সন্মুখীন হৈ বহুত অভিভাৱকে বৃদ্ধ ,কুপাত্ৰ ওচৰত ছোৱালীক বাল্য বিবাহ দিয়াৰ নামত উৎসৰ্গিত কৰে। কেতিয়াবা আকৌ কোনো লম্পট শ্ৰেণীৰ দ্বাৰা অপহৃত হৈয়ো বাল্য বিবাহত সন্মতি প্ৰদান কৰে। উপযুক্ত দৰা পোৱাৰ আশঙ্কা বা যৌতুক ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয়তে বাল্য বিবাহ বহুলভাৱে প্ৰচলিত হৈ আছে।

বহুত ল'ৰাও সামাজিক সুৰক্ষাৰ অভাৱৰ বাবে বাল্য বিবাহ কাৰ্য্যত সন্মতি জনায়।

এতিয়া কথা হ'ল, কেৱল এই বাল্য বিবাহ সম্পন্ন কৰা স্বামী সকলক গ্ৰেপ্তাৰ কৰিলেই এই সমস্যাৰ সমাধান হ'ব নে? 

শুনা মতে চাৰি বছৰ আগতে বাল্য বিবাহ কৰা স্বামী সকলক গ্ৰেপ্তাৰ কৰা কাৰ্য কিমান সমীচিন হৈছে? কাৰণ, ইতিমধ্যে তেওঁলোকে এখন সোণৰ সংসাৰ চলাই আছে। সন্তানৰ পিতৃ মাতৃও হৈছে।

এই গ্ৰেপ্তাৰী কাৰ্য কলাপত নানা অঘটন, দুৰ্নীতিৰ প্ৰকোপ বাঢ়ি আছে।

নিঃসন্দেহে বাল্য বিবাহ এক সামাজিক ব্যাধি। ইয়াক প্ৰতিৰোধ কৰাৰ দৰকাৰ আছে। কিন্তু ইয়াক পুলিচ প্ৰশাসনৰ শক্তি প্ৰয়োগ কৰি নহয়, সামাজিক আন্দোলনৰ সূচনা কৰি এই ব্যাধিক নিৰ্মূল কৰা উচিত। নানা ধৰণৰ মিটিং, তৰ্ক প্ৰতিযোগিতা, আলোচনা , টেলিফ্লিম, পথৰ নাটক, ৰঙীন বেনাৰ, ছাইনবোৰ্ড, সংগীত আদিৰ দ্বাৰা ইয়াৰ কু-প্ৰভাৱ সম্পৰ্কে সমাজত জনাই সমাজত সচেতনা বৃদ্ধি কৰা উচিত। চৰকাৰী বা বেচৰকাৰী ভাবে আৰ্থিকদান শিক্ষা প্ৰদান আদিৰ জৰিয়তে সমাজত সকলো ল'ৰা ছোৱালীক সুৰক্ষা প্ৰদান কৰা উচিত। 

আগতে যি হ'ল, হ'ল । পৰৱৰ্তী যাতে বাল্য বিবাহ সম্পন্ন নহয়, তাৰ বাবে চৰকাৰ, পুলিচ প্ৰশাসন, এন জি ও সকলে চোকা দৃষ্টি ৰখা উচিত।

তেতিয়া কমেও বাল্য বিবাহ কৰা স্বামী বা অভিভাৱক সকলক গ্ৰেপ্তাৰ কৰাৰ নামত সমাজত এক ভয়াবহ পৰিবেশৰ সৃষ্টি নহ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)