স্নিগ্ধ বেদনা -অপূৰ্ব কুমাৰ হালৈ

©Admin
0
তুমি আহিছিলা এদিন এই আলিবাটেৰে
এক নতুন দিগন্তৰ সন্ধান বিছাৰি
শালিকাটিয়ে স্পন্দনৰ বাতৰি দিছিল
বাৰিষাৰ বৰলুইত খনে ওফন্দি উঠি
আগজাননী দিছিল প্ৰেমৰ বৰষাৰ...,
অজানিতে সুপ্ত নৈ খনত 
অহা
কোলাহল ঢৌৱে তুষ্ট কৰা 
বালিৰ দৰে
মৰমহীন হৃদয়ত 
তালফাল কৰিছিল
এজাক নিবিৰ মলয়াই...।

তুমি দিয়া গোলাপ পাহি
এতিয়াও বৰ সযতনে ৰাখিছো
কেতিয়াবা হেৰাই যায় 
কব নোৱাৰাকৈ
আকৌ বিচাৰি আনি থৈ দিওঁ
ভগ্ন হৃদয়ৰ উৱলি যোৱা জোলঙাত...।।

তৰাবোৰে আউল লগাই বাৰুকৈয়ে 
তেতিয়া
স্বপ্ন নগৰীত বিচাৰি ফুৰো
স্নিগ্ধ বেদনাৰ শিলালিপিবোৰ যেতিয়া...,
এন্ধাৰ - পোহৰৰ দোমোজাত পৰি
দুঃখ - সুখৰ সন্ধিখনত ৰৈ
শিলালিপিবোৰেও লুকাভাকু খেলিলে
এয়াইটো জীৱনৰ কাঁইটীয়া যাত্ৰা
য'ত হয় সুখতকৈ বেছি দুখৰ মাত্ৰা...।।।

✍️অপূৰ্ব কুমাৰ হালৈ (অপু)
     মুছলপুৰ, বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)