শুভ জন্মদিন-শিল্পী দাস

Rinku Rajowar
0
সৌৰভ দাদা তোমাৰ আজি বিশেষ এটা দিন,
প্ৰতি বছৰৰ দৰে এইবছৰৰ আজি জন্মদিন।
শুভ দিনৰ শুভ কামনাৰে শুভেচ্ছা জনালোঁ,
মোৰ তৰফৰ হৃদয় ভৰা অশেষ মৰম যাচিলোঁ।
তেজৰ সম্পৰ্ক নহ'লেও তুমিও মোৰ দাদা,
আমাৰ মাজৰ মধুৰত্বত নপৰে যেন বাধা।
অচিনা হ'লেও ভন্টি ভাবি বহু সহায় কৰিলা,
বিপদৰ প্ৰতিপ'লত সাহসৰ প্ৰেৰণা দিলা।
তুমি আৰু মই আছোঁ মাতৃহীনতাই,
আমনি কৰে দুয়োৰে মাতৃৰ কথাই।
ডাঙৰ দাদাৰ দৰে আহিলা মোৰ জীৱনত,
তোমাৰ সুব্যৱহাৰৰ কথা থাকিব গাঁথি হৃদয়ত।
আজিৰ এই বিশেষ দিন কটোৱা ভাল দৰে,
জীৱন বাটৰ প্ৰতিমহুৰ্তত থাকিবা হাঁহিৰে।
মোৰ তৰফৰ সৰু উপহাৰ পাৰিলে গ্ৰহণ কৰিবা,
সময় পালে সৰু ভন্টিৰ কবিতাটি পঢ়িবা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)