অসমীয়া সমাজত ধৰ্ম , ধৰ্মান্ধতা আৰু আমাৰ খাদ্যাভ্যাস : ধৰ্ম -চম্পাৱতী কলিতা

©Admin
0
সাধাৰণ দৃষ্টিত 'ধৰ্ম' শব্দটো এক সাধাৰণ শব্দ যেন লাগিলেও ইয়াৰ অন্তৰ্নিহিত বাখ্যা ভিন্ন। প্ৰত্যেক মানুহৰ মনতে ধৰ্ম বুলি ক'লে এক সুকীয়া চিন্তাৰ উদ্ৰেগ হয়তো হ'ব পাৰে। ধৰ্ম বুলি ক'লে ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰাকে বুজো। নৈতিক তথা আধ্যাত্মিক চিন্তাৰ লগত আমি নিজকে সংযোগ কৰিবলৈ যি বিশ্বাস, সেয়াই ধৰ্ম । ধৰ্মৰ অন্তৰ্নিহিত অৰ্থ যিয়েই নহওক কিয় বিভিন্নজনে ধৰ্ম বিষয়টো বহুখিনি আধুনিকীকৰণ কৰি নিজৰ নিজৰ চিন্তা, বিশ্লেষণ আৰু কৰ্মৰ লগত সংযোগ ৰক্ষা কৰি ধৰ্ম সম্পৰ্কীয় ধাৰণা সলনি কৰিছে। কিছুমানৰ মতে কৰ্মই যদি ধৰ্ম আন কিছুমানৰ মতে আকৌ জীৱৰ প্ৰতি কৰা দয়া আৰু দয়াৰ কৰ্মই ধৰ্ম ।ধৰ্ম সম্পৰ্কীয় এনে ধাৰণাই মানুহক ধৰ্ম বিষয়টো সম্পৰ্কে বিচাৰ, বিশ্লেষণ আৰু কৌতূহলী কৰি তুলিছে।ধৰ্মৰ নামত নিজকে সুকীয়াকৈ ৰাখি সুকীয়া সময় ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে নে নাই তাক উপলব্ধি কৰিব লাগিব। আমাৰ নৈতিক কৰ্ম , প্ৰেম আৰু আদৰ্শৰ মাজেৰেও ধৰ্মসাধন কৰিব পৰা যায়। ধৰ্মৰ নামত আছূতীয়াকৈ সময় হাতত লৈ সমাজৰ প্ৰতি থকা দায়িত্ব পাহৰি যোৱাতো কোনো ধৰ্মৰে লক্ষণ নহয়। সময়ৰ সৈতে খোজ মিলাই আদৰ্শ আৰু কৰ্তব্য কৰি যোৱাতোও এক প্ৰকাৰ ধৰ্ম। প্ৰত্যেক ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো আমাৰ দায়িত্ব। ভাৰতবৰ্ষ হিন্দু , বৌদ্ধ, শিখ, জৈন, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ সমন্বয় ক্ষেত্ৰ। ইয়াৰে প্ৰত্যেক ধৰ্মৰ ধৰ্মাৱলম্বী লোকেই ভাৰতত সহবাস কৰি আহিছে। নিজৰ নিজৰ অস্তিত্বৰে সুকীয়া সুঁতি বোৱাই বিৰাট ভাৰতীয় অথবা অসমীয়া জাতিয়ে নিজৰ পৰিচয় দাঙি ধৰিছে। ধৰ্মীয় সহনশীলতা আৰু উদাৰতাই ইয়াৰ মূল ভেটি। গতিকে ধৰ্ম এক এনেকুৱা বিষয় যি বিষয়ে মানুহৰ মাজত সাহস, সমন্বয় আৰু উদাৰতা গঢ়ি তুলিব পাৰে।

ধৰ্মান্ধতা:

      তাহানিৰ নিৰক্ষৰ সমাজৰে পৰা বৰ্তমানৰ উচ্চশিক্ষিত অত্যাধুনিক সমাজখনলৈ এটি অতি দুখলগা , সমাজক স্থবিৰ কৰি ৰখা তথা সামাজিক গাঁথনিত আসোৱাহ সৃষ্টি কৰি অহা এটা অতি চিন্তনীয় বিষয় হ'ল ধৰ্মান্ধতা। ধৰ্মীয় গোৰামীয়ে যেতিয়া ক্ৰমাৎ মানুহৰ মনত দকৈ শিপাব ধৰে তেতিয়া মানুহে ধৰ্মৰ নামত অন্ধহৈ পৰে। নিজৰ স্বাৰ্থ, ক্ষূদ্ৰচিন্তা আৰু অহমিকা ভাৱৰ পৰা সমাজত এনেবোৰ কাৰ্য সংঘটিত হয়। তাহানিৰ অশিক্ষিত সমাজৰ মাজত চলি অহা ধৰ্মৰ গ্লানিয়ে যদি আজিৰ শিক্ষিত , সুবিবেচক, কৰ্মব্যস্ত সমাজখনকো পীড়া কৰে তাতকৈ পৰিতাপৰ বিষয় কি হ'ব পাৰে সেইকথা এবাৰ দকৈ ভাবি চোৱাৰ প্ৰয়োজন আছে। গীতাত উল্লেখ থকা মতে এখন সমাজে যেতিয়া নিজে নিজে কিছুমান নিয়ম নীতি বান্ধি লৈ উন্নতিৰ পথত আগবাঢ়ি যাব নোৱাৰা হয় তেতিয়া তাক ধৰ্মগ্লানি বুলি কোৱা হয়। ধৰ্মগ্লানি হ'লে সমাজ স্থবিৰ হয়। জাতি এটা তুলনামূলকভাৱে অইন এটা জাতি বা অইন এখন সমাজতকৈ বহুখিনি পিছপৰি ৰয়। মানুহৰ কৰ্তব্য হ'ল সমাজ তথা জাতিক আগবঢ়াই নিয়াতো। এইক্ষেত্ৰত আমি ধৰ্মীয় গুৰুসকলৰ প্ৰতি লক্ষ্য কৰিলে দেখা পাম যে ভাঙোনমূখী সমাজ এখনক উন্নতিৰ পথত আগবঢ়াই নিয়াত তেখেতসকলৰ যথেষ্ট ভূমিকা আছে অথচ মানুহে ধৰ্মীয়গুৰুসকলক লৈয়ো নানা ৰাজনীতি অথবা অপপ্ৰচাৰত বিলীনহৈ ধৰ্মান্ধতাৰ পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰে। উদাহৰণস্বৰূপে আমাৰ অসমৰে এগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মচৰ্চা, ধৰ্মনীতি আৰু উদাৰতাৰ কথাটো প্ৰাসংগিক ভাবে দাঙি ধৰিব পাৰোঁ। যিসময়ত অসমত ধৰ্মৰ নামত ব্যাভিচাৰ হৈছিল, নানা জীৱকে আদি কৰি আনকি নৰবলীৰ দৰে এক জঘন্য কামো সংঘটিত হৈছিল, নানা জাতি বিভেদে গা কৰি উঠিছিল। সেইসময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ নোহোৱা হেতেন অসমৰ অৱস্থা কি হ'ল হেতেন তাক সকলোৱে অনুমান কৰিব পাৰে নিশ্চয়। হিন্দু-মুছলিম, গাৰো-বৰোকে আদি কৰি আনকি ভূটীয়া লোকৰো প্ৰাণ জয় কৰি সমন্বয়ৰ সেতু গঢ়ি এইখন সমাজক চমক লগাই থৈ যাবলৈ সক্ষম হৈছিল।ধৰ্মৰ নামত যুক্তি, বিচাৰ, বিবেচনা আৰু উদাৰতা অবিহনে হয়তো এনে মহৎ কাম সম্ভৱহৈ নুঠিল হেতেন। কিন্তু আজি এইখন সমাজতে জাতি ভেদ, ধৰ্মৰ নামত ঠেলাঠেলি,পৰশ্ৰীকাতৰতা আৰু নানান ধৰ্মান্ধমূলক চিন্তাই গোপনে গা কৰি উঠিছে। ডাইনী হত্যা, সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মীয় অৰাজকতা,বিভেদমূলককাৰ্য, জাতিভেদ, সংঘৰ্ষ আদিৰ মূল উৎস হ'ল ধৰ্মান্ধতা। অসহ্যতা, হিংসা-বিদ্বেষ, উদাৰতাবিহীনতা, অসামাজিকতা আদিৰ ৰূপলৈ ৰূপান্তৰিত ধৰ্মান্ধতাই সামাজিক ব্যাধি হৈ জাতীয় জীৱনৰ ভেটিত কেৰোণ লগাই জাতিটোৰ উন্নতিত বাধাৰ সৃষ্টি কৰিছে। ধৰ্মান্ধতা যি ধৰ্মতে নাথাকক কিয় ই এক মাৰাত্মক ব্যাধিৰ লেখিয়া হৈ উঠে। যি ব্যাধিৰ প্ৰভাৱত এটা জাতি কোঙা হৈ পৰাৰো ভয় থাকে। অসম তথা ভাৰতবৰ্ষত প্ৰধানকৈ হিন্দু আৰু মুছলিম দুটা প্ৰধান জাতি। প্ৰত্যেকেই নিজৰ নিজৰ সুকীয়া ধৰ্ম, বৈশিষ্ট্য আৰু অস্তিত্ব ৰক্ষা কৰি পৰস্পৰৰ সমন্বয়ত যি জাতীয় সত্বা গঢ়ি তুলি 'ভাৰতীয়' বা 'অসমীয়া' বুলি পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। এনে গৌৰৱত আঘাত হানিবলৈ ধৰ্মান্ধতাৰ বীজ যাতে সোমাব নোৱাৰে তাৰ বাবে আমি প্ৰতিজন ব্যক্তি, প্ৰত্যেক ধৰ্ম তথা জাতিৰ লোকে সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে। ধৰ্মীয় উদাৰতা, বিচাৰ-বিশ্লেষণ, সহনশীলতা, বৈজ্ঞানিক চিন্তাধাৰা, জাতীয় চেতনা, সমাজ তথা দেশসেৱাৰ মনোভাব লৈ সকলোৱে আগবাঢ়ি আহিব লাগিব তেতিয়াহে ধৰ্মান্ধতাৰ দৰে ব্যাধিৰ পৰা সমাজ এখনক ৰক্ষা কৰি উন্নতিৰ জখলাত এখোপ আগবঢ়াই নিবলৈ সক্ষম হম।

খাদ্যাভ্যাস

   আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হ'ল খাদ্য। আমি প্ৰত্যেকেই জীয়াই থাকিবলৈ খাদ্য গ্ৰহণ কৰোঁ। জীয়াই থকাৰ উপৰিও স্বাস্থ্যৰক্ষা আৰু মুখৰ ৰুচিবোধে খাদ্যৰ ভিন্নতা পৰিলক্ষিত হয়। সুকীয়া অভ্যাস, সামাজিক স্থিতি, ৰীতি-নীতিৰ ভিন্নতাৰ বাবেই হয়তো খাদ্যাভ্যাসৰো ভিন্নতা পৰিলক্ষিত হয়। অসমীয়া সমাজত প্ৰচলিত খাদ্য আৰু খাদ্যাভ্যাস সম্পৰ্কে আলোচনা এক গুৰুত্বপূৰ্ণ বিষয়। অসমীয়া সমাজত প্ৰচলিত ভাত, চাহ, ৰুটি, পিঠা-পনা, লাৰু আদি প্ৰচলিত খাদ্য। দৈনন্দিন জীৱনত এনেকুৱা খাদ্যৰে অসমীয়া মানুহ অভ্যস্ত। সেইদৰে মাছ-মাংসৰ ক্ষেত্ৰতো ব্যক্তিগত ভাবে কোনোবাই নিৰামিষ খাদ্য ভক্ষণৰ অভ্যাস যদিও অধিকাংশ লোকেই মাছ তথা বিভিন্ন মাংস খোৱাৰ অভ্যাস আছে। অসমীয়া সমাজ জীৱনত সকলো প্ৰকাৰৰ মাংস খোৱাটো নিষিদ্ধ। উদাহৰণ স্বৰূপে মূৰ্গী আৰু গাহৰি মাংস সামাজিক ভাবে নিষিদ্ধ। অসমীয়া মানুহে কোনো বিবাহ-পাৰ্বন বা সামাজিক কৰ্মত এই দুয়োবিধ মাংসৰ প্ৰচলন নকৰে । ই সমাজবিৱৰ্জিত খাদ্য ৰূপে পৰিগণিত অথচ এইখন সমাজৰে প্ৰায়ভাগ লোকেই ব্যক্তিগত ভাবে মূৰ্গী, গাহৰি আদিৰ মাংস খোৱাৰ অভ্যাস গঢ়লৈ উঠা দেখা যায়। যিবোৰ পৰিয়ালত সামাজিক বান্ধোন কপকপীয়া আৰু বয়সস্থ লোক আছে সেইবোৰ পৰিয়ালত আজিও ৰান্ধনী ঘৰত গাহৰি বা মূৰ্গী মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও ইয়াৰ পিছতো সেই একেখন সমাজ বা পৰিয়ালৰ লোকে ব্যক্তিগত ভাবে মূৰ্গী বা গাহৰিৰ মাংস খোৱাত অভ্যস্ত। অসমীয়া সমাজত মদ বা সুৰাপান এক অপৰাধ। ই শৰীৰ আৰু নৈতিক চৰিত্ৰৰ পৰিপন্থী হোৱা হেতু অসমীয়া সামাজে নিষিদ্ধ বুলি বিবেচনা কৰি আহিছে। তেনে এক সততাৰ পিছতো মাদকদ্ৰব্যৰ দৰে স্বাস্থ্যৰ ক্ষতিকাৰক দ্ৰৱ্যবিধৰ প্ৰচলন আৰু সেৱকৰ সংখ্যা কমিছে নে বাঢ়িছে সেয়াও সমাজৰ বিচাৰ্য বিষয়। বৰ্তমান সময়ত অসমীয়া মানুহৰ খাদ্যৰ তালিকা আৰু খাদ্যাভ্যাসৰ তাৰতম্য ঘটিছে। এনে পৰিৱৰ্তনে সমাজৰ তথা ব্যক্তিৰ কিবা লাভ কৰিছে নে ক্ষতি কৰিছে তাক দকৈ এবাৰ ভাবিচোৱাৰ সময় আহিছে।


✍️চম্পাৱতী কলিতা, ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)