জীৱন মদিৰা পান কৰি
নিচামত্ত হৈ পৰিছিল যৌৱনৰ পূর্ণতা
বৰ আচৰিত ধৰণেৰে সি মোক কৈছিল
কেতিয়াবা জুখি চাবলৈ মন যায় অ'
এই প্রেম আৰু ভালপোৱা বোৰ
সি কৈ গৈছিল -
কিমান বেছি গভীৰ হ'লে ভালপোৱাই সাজিব
পাৰে সপোনৰ কাৰেং
কিমান বেছি গভীৰ হ'লে ভালপোৱাৰ
আকাশত জিলিকে আশাৰ ৰামধেনু
কিমান বেছি গভীৰ হ'লে কঠিন হৃদয়ৰ
আবেগবোৰ গলি গলি বৈ যাব পাৰে
হেঁপাহৰ নৈ
কিমান বেছি ডাৱৰ থাকিলে নামি আহিব
পাৰে এজাক প্ৰেমৰ বৰষুণ
অবাধ্য বতাহ ছাটিয়ে তাৰ ভাৱনাত
অধিক আউল লগাইছিল
সি আকৌ সুধিছিল -
ভালপোৱাই কেনেকৈ কঢিয়াই আনে
হেমন্ত 'শৰৎ শীত আৰু !
আৰু ---- বসন্তক ?
কিমান বেছি গভীৰ হ'লে
অনুভৱে ঢৌ তোলে ভালপোৱাৰ সাগৰত
অথবা ---
কিমান দুখৰ তপত মৰুভূমিতো মানুহ
খেদিব খোজে
প্রত্যাশিত আবেগৰ মৰীচিকা
এবুকু আশা বুবুত বান্ধি
এপিয়লা মদিৰা হাতত লৈ সি পুনৰ
কৈ উঠিছিল -
কেতিয়াবা জুখি চাবলৈ মন যায় অ'
এই প্রেম আৰু ভালপোৱাবোৰ ৷
✍️দৃলীনা দাস, তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ