তুমি ওচৰত নাই বুলি -আব্দুল কাদেৰ মিঞা

©Admin
0
ৰাতি এতিয়া গভীৰ
কোনেও জাগি থকা নাই
তথাপিও নাই দুচকুত টোপনিৰ ছাঁ
টোপনিয়ে যেন অভিমান কৰিছে
আজি আৰু সাক্ষাৎ নকৰিব 
নিদ্ৰাহীনতাত অতিবাহিত কৰিব লাগিব গোটেই ৰাতি 
কাৰণ এটাই,
আজি তুমি ওচৰত নাই
সেইবাবে ডায়েৰীখন হাতত লৈ বহিলোঁ
তোমাক লৈ লিখিম কবিতা গান আৰু ভালপোৱাৰ ছন্দ 
কিন্তু কলমটোৱে আজি মোক চিয়াঁহী নিদিয়ে
কাৰণ এটাই,
তুমি ওচৰত নাই!
দক্ষিণৰ খিৰিকীখন খুলিছো
জোনৰ মায়াবী মুখ চাবলৈ
জোনেও তোমাৰ সৌন্দৰ্য্যৰ ওচৰত হাৰ মানিলে 
আৰু লাজতে ডাৱৰৰ আঁৰত লুকাই গ'ল
এনে দৃশ্য দেখি 
মোৰ হৃদয়ত আনন্দৰ জোৱাৰ উঠিছে
কিন্তু এই জোৱাৰৰ কোনো মূল্য নাই
কাৰণ এটাই,
আজি তুমি ওচৰত নাই।


✍️আব্দুল কাদেৰ মিঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)