এযোৰ বগা সাজ-নৱমল্লিকা চুতীয়া দাস

©Admin
0
এযোৰ বগা সাজ
সাজযোৰেই তোমাৰ পৰিচয়....
তুমি যে সতী ,
তুমি যে সাধ্বী ,
      তুমি যে শান্তিৰ প্ৰতীক ৷
তোমাৰ সাজযোৰেই 
      তোমাৰ পৰিচয়....
তুমি যে শুদ্ধ ,
তুমি যে দাসত্বৰ পৰা চিৰ মুক্ত ৷৷
এযোৰ বগা সাজ
    তুমি বৰ পৱিত্ৰ....
পৰিৱেষ্টিত কোলাহলৰ আৱেষ্টনীয়ে
    কৰিব নোৱাৰে 
          তোমাক নস্ত ;
তুমি যে মুক্ত ৷৷
পৰাধীনতাৰ শিকলিডালৰ
     বান্ধোন চিৰমুক্ত ,
        আজীৱন অন্তৰ শুদ্ধ ৷৷
তুমি মহান ,
চিৰ নতুন তোমাৰ ব্যক্তিত্ব ;
ৰং তুলিকাবিহীন তোমাৰ জীৱন ,
তথাপি....
     কদাপি নোহোৱা পথভ্ৰষ্ট ৷৷
হে, স্বচ্ছ বগা সাজ
তোমাক প্ৰণাম !
দাসত্বৰ ,পৰাধীনতাৰপৰা
তুমি সৰ্বদা মুক্ত....
কলুষতাই কৰিব নোৱাৰে গ্ৰাস
   তুমি যে স্বচ্ছ স্ফটিক শুভ্ৰ ;
      পৱিত্ৰতাৰ প্ৰতীক......
        তুমি শান্তিৰ বস্ত্ৰ.......

🔳নৱমল্লিকা চুতীয়া দাস ৷ গুৱাহাটী  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)