অযথা প্ৰশ্নৰ উত্তৰ দি
মোৰ ভাললগা বোৰত যে
মোৰ কিমান সুখ সেয়া দেখুৱাৰ পিছতো কোনেও নুবুজে
অসমৰ্থ হৈছোঁ সকলোতে।
আনে বাছি দিয়া কামবোৰত
অকণমানো সুখ বিচাৰি নাপাওঁ
মোৰ অভিমানবোৰো যে তেওঁলোকে
অহংকাৰ আৰু জেদ বুলিয়েই ভাবে
কেনেকৈ বুজি পাব মোক
অন্তৰখন পঢ়িবলৈ নাজানিলে।
পাহৰি যাবলৈ বাধ্য হৈছোঁ
মই বিচৰা সপোনবোৰ ,
সামৰি থৈছোঁ প্ৰিয় কামবোৰ
অভিমানী হবলৈও এৰিছো
অনুভৱৰ পদূলিত বাট ভেটিলো
খোজ পেলাব নোৱাৰাকৈ
অনুভৱবোৰ প্ৰকাশ কৰিব নোৱাৰি
উশাহ ল'ব নোৱাৰিলেও
অভ্যাস কৰিবলৈ শিকিছো
মৃত্যু নহৈ মৃত্যুৰ ক্ষণ গণি গণি
জীয়াই আছোঁ অন্তিম দিনলৈ।
অভিমান কৰি উচুপি উঠা পৰত
নিজানৰ কোনোবা এটা কোণৰ
কোলাহলৰ শব্দৰ মাজেদিয়েই
অচিনাকী চৰাইজনীয়ে মোৰ
হিয়া ভঙা উচুপনি শুনি কাষলৈ আহে শান্তনা দিবলৈ
দুপাখিৰ শব্দত তাই নাচি উঠে
মোক হহুৱাবলৈ কৰাৰ প্ৰয়াসতেই
কিন্তু মইযে হাঁহিবলৈ পাহৰি গলো
তাইৰ সৈতে উৰিবলৈ দেখা
সপোনটো যে হেৰুৱায় পেলালো।
🔳দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ