আলফুলে তুলি লোৱা
তোমাৰ সুকুমল বুকুত,
আৰু উচৰ্গিত মই
তোমাৰ প্ৰেমৰ প্ৰতীক হিচাপে
এটি ৰঙা গোলাপ যে মই ।
তোমাৰ স্বাৰ্থৰ বলি হৈ
বেচা কিনা কৰা হয় মোক প্রতিদিনে
কৰা হয় অমানুষিক অত্যাচাৰ,
পাহিবোৰ ছিন্ন কৰা হয় একাদিক্ৰমে
তথাপি হাঁহি ওমলি থাকোঁ
এটি ৰঙা গোলাপ হোৱা বাবে।
মোৰ দেহৰক্ষী হিচাপে
অজস্র কাঁইট থাকিলেও
সজাগ নহয় সিহঁত আজি,
সুগন্ধই যে বৈৰী মোৰ
সেয়ে হয়তো খেলা হয় হেতালি
আমাৰ জীৱনক লৈ ।
হে প্ৰেমৰ পূজাৰী
ভাবি চোৱা না এবাৰ
আমাৰো যে আছে প্রাণ,
নিজৰ স্বাৰ্থৰ বাবে আমাক
জলাঞ্জলি নিদিবা দুনাই
উদ্দেশ্য বিহীন নহয় আমাৰ জীৱন ।
✍️ ফাৰুক হুছেইন
হাউলী, বৰপেটা
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ReplyDelete