ধুনীয়া বতাহ জাকি
য'ত তুমি আহি কাণে কাণে
কৈ যোৱা মধুৰ কথাখিনি ।।
বাট চাই ৰও তোমালৈ
নঙলা মুখত ।
চুই থৈ যায় সেই
মধুৰ বতাহ জাকি ,
আৰু তুমি অহাৰ দি
যায় খবৰ বাতৰি ।।
তুমি মোৰ এজাক অভিমানী বতাহ ।
মোৰ শুই থকা মনটোক
তুমি আহি জগাই দিলা ।।
সাৰ পাই চাও
তুমি আহিছা বুলি ।
আকৌ চুই থৈ যায় হী
হে মধুৰ বতাহ জাকি ।।
✍️জয়শ্ৰী হাতী মুৰীয়া
গোলাঘাট জোনাকী নগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ