আজিও জিলিকি আছা এখিলা পাতত
বৰকৈ মনত খুন্দিয়াই নিৰ্জন সময়ত
ভুলবোৰ হয়তো আছিল মোৰে
আপোনভাবে লৈছিলো নিস্বাৰ্থৰে
বেছিকৈ বিশ্বাস কৰিছিলো অন্ধ মানুহৰ দৰে
ভুলবোৰ দেখিও নিস্তব্ধ আছিলোঁ
তথাপিও আজি অকলশৰীয়া হৈ ৰ'লো
জীৱন বাটৰ দুৰ্গম পথত
শিলৰ উজুটিত , স্বাৰ্থৰ ধৰণীত
বাস্তৱৰ অভিজ্ঞতাৰে আগবাঢ়ি গ'লো
স্মৃতিৰ কিতাপ সামৰি
✍ ৰিম্পী ভৰাঁলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ