যদি আকাশখন সূৰ্যবিহীন হয়,
তেন্তে পৃথিবীৰ অৱস্থা কেনে হ'ব বাৰু?
সেইদৰে আমাৰ জীৱনবোৰো চোৱা,
যদি কোনো লক্ষ্যয়ে নাথাকে,
তেনেহ'লে ই লক্ষ্যবিহীন জীৱন নহ'বনে বাৰু?
যিদৰে এজোপা গছক ডাঙৰ হ'বলৈ
পানী খনিজৰ প্ৰয়োজন হয় ,
তেনেদৰে উন্নতিৰ জখলা বগাবলৈও
লক্ষ্যৰ প্ৰয়োজন হয়।
লক্ষ্যবিহীন জীৱন,
সূৰ্যবিহীন আকাশৰ নিচিনা,
সময়বিহীন কৰ্মৰ নিচিনা,
অসৎ প্ৰকৃতিৰ মানৱৰ নিচিনা,
য'ত নাথাকে কোনো সীমা
কোনো চেষ্টা,কোনো অভ্যাস
মাথো থাকে কল্পনাৰ উপৰি কল্পনা।
✍️মানস জান শইকীয়া
ৰঙামাটি চেউনী গাওঁ
বাদুলিপাৰ,গোলাঘাট
অতি সুন্দৰ 💓
ReplyDelete