মোৰ মৃত্যুৰ দিনা-অংকুৰ বৰা

©Admin
0
যিদিনা মোক বুজিবা ,
হয়তো সেইদিনা তুমি মোক
মৃত্যুৰ চিতাত দেখিবা ।
যিদিনা মোক ওচৰত বিচাৰিবা ,
হয়তো সেইদিনা মোৰ চিতাত 
জ্বলি থকা কিছুমান 
কাঠৰ টুকুৰা দেখিবা ।
শেষ নিশাৰ জীৱন ৰাগিণীত 
মতলিয়া নহয় মোৰ ভালপোৱা‌।
বিদায় নিশাৰ অন্ধকাৰত ,
অনুতাপৰ অশ্ৰুত 
উটুৱাই দিম মোৰ পাপৰ টোপোলা ।

কল্পনাৰ সিপাৰত আছিল ,
তুমি দিয়া যন্ত্ৰণা 
আৰু ইতি পৰিল মোৰ ভালপোৱা ।

মোৰ মৃত্যুৰ বাতৰি পাই তুমি 
উধাতু খাই দৌৰ মাৰি নাহিবা
আপোন পাহৰা হৈ মোৰ জ্বলি থকা
চিতাৰ কাষলৈ!
মোৰ চিতাৰ জুই দেখি তুমি
আচৰিত নহবা দেই........…! 
মোৰ চিতাৰ ওচৰত বহি তুমি,
উচুপি নাকান্দিবা,
নাহিবা তুমি চকুৰ পানী উপহাৰ দিবলৈ....!   

দিব যদি বিচৰা ,
মৰম সনা এষাৰি মাত দিবা,
আৰু যদি দিব বিচৰা
কিছু ৰং দিবা,
মোৰ সমাধিত চিৰ যুগমীয়া হৈ থাকিব ,
পাৰিলে দিবা এটি ভাল লগা গীতৰ সুৰ !
আৰু,যিদিনা তুমি কপালত 
আনৰ প্ৰেমৰ সেন্দুৰ আঁকি ল'বা ,
সেইদিনা একাঁজলি আলফুলিয়া বিষাদ
মোক উপহাৰ দিবলৈ নাপাহৰিবা !
তাত জন্ম হ'ব ‌এটি বিষাদৰ সপোন ,   

সীমান্তৰ সিপাৰে মৃত্যুৰ নাওঁত ,
পাৰো যদি গাই যাম মোৰ এটি প্ৰিয় গান...
"পৰ জনমৰ শুভ লগনত
যদি হে আমাৰ হয় দেখা.."

অ' মোৰ প্ৰাণৰ প্ৰতিমা ,
মোৰ মৃত্যুৰ দিনা
মুখত এটি মিছিকি হাঁহি লৈ
তুমি হাত জোকাৰি বিদায় দিবা ।
সিপাৰত তোমাৰ বাবেই লিখিম ,
এটি প্ৰেমৰ কবিতা ।
তুমি নিজানত বহি নীৰৱে পঢ়িবা ।

মোৰ মৃত্যুৰ দিনা 
তুমি মাথো মিছিকি হাঁহিবা ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)