কোচ ৰাজবংশী হৈছে ভাৰতবৰ্ষৰ এক খিলঞ্জীয়া জনগোষ্ঠী। এই জনগোষ্ঠীয় লোকসকল উল্লেখনীয় ভাৱে বৰ্তমানৰ নেপাল, অসম, পশ্চিম বংগ, মেঘালয়, বিহাৰ, বাংলাদেশ আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত বসবাস কৰি আহিছে। লগতে অসমৰ অধিকাংশ সমতলীয় জিলা অৰ্থাৎ কামৰূপ, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, ওদালগুৰি, ডিব্ৰুগড় জিলাত অধিক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকে বৰ্তমান বসবাস কৰি আহিছে। ভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিয়েই হৈছে বৈচিত্র্যময় অসম। বিশাল বৰলুইতক সৰু-বৰ উপনৈয়ে জীপাল কৰি, লুইতৰ অস্তিত্বক চিৰ জ্যোতিষ্মান কৰি ৰখাৰ দৰে জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিয়েই হৈছে বৃহত্তৰ অসমীয়া জাতি তদ্ৰুপ একোটি জাতিৰ ভাষা-সংস্কৃতি, সাহিত্য আদিৰ গঠন, বিকাশ, প্ৰসাৰত ৰাজ্যখনৰ অন্যতম সমৃদ্ধিশালী জনগোষ্ঠী হৈছে কোচ ৰাজবংশী। যাৰ অৱদান অতুলনীয় অথচ্ অনবদ্য। সাংস্কৃতিক দিশত কোচ ৰাজবংশী সকল যথেষ্ট চহকী।
ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এই সংস্কৃতি বিৰাজমান আৰু ই স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ। ইয়াৰে ভিতৰত অন্যতম এটা প্ৰাচীন জনগোষ্ঠী হ’ল কোচ ৰাজবংশীসকল বিভিন্নজন পণ্ডিতৰ মতপোষণ মতে, কোচ ৰাজবংশী লোকসকল মংগোলীয় প্ৰজাতিৰ লোক। এই জনগোষ্ঠীৰ মহিলা সকলৰ সাজপাৰৰ বহুলতাৰ ক্ষেত্ৰত অলংকাৰে ইয়াৰ নিজস্ব স্বকীয়তাৰ পৰিচয় বহন কৰে। গীত-মাত, সাহিত্য, সংস্কৃতি আদি দিশত পৰম্পৰাগত বৈশিষ্ট্য অক্ষুণ্ণ ৰখা কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাসকলৰ মাজত উল্লেখনীয় সাজপাৰ হ’ল ‘পাটানী’। অৱশ্যে ঠাই ভেদে সাজপাৰৰ ভিন্নতা আছে। পাটানী দুই ভাগত ভাগ কৰি অৰ্থাৎ পাট-পাট(ভাঁজ)কৰি পিন্ধা হয় বাবে ইয়াক থোৰতে পাটানী বুলি কোৱা হয়। পাটানী খন হ’ল দুই মুৰ লগ-লগাই চিলাই নকৰা এখন বহল কাপোৰ। যাৰ দৈৰ্ঘ্য প্ৰায় পাঁচ-ছয় হাতমান দীঘল আৰু দুই তিনি হাতমান বহল। সাধাৰণতে পাটানীখন বুকুত মেথনি মাৰি পিন্ধা হয়।
বুকুৰ ওপৰৰ অংশ ঢাকিবলৈ আন এখন কাপোৰ ব্যৱহাৰ কৰা হয়, তাক ‘আগৰণ’ বুলি কোৱা হয়। তাৰোপৰি মহিলাসকলে জ্যেষ্ঠজনক সন্মান জনাবলৈ মূৰত হালধীয়া ৰঙৰ গামোচা মাৰে, যাক ‘তোপ’ৰ বুলি কোৱা হয়। মহিলাসকলে ব্যৱহাৰ কৰা অলংকাৰ সমূহৰ ভিতৰত চন্দ্ৰহাৰ, সূৰ্যহাৰ, সিক্কিহাৰ, টাকাচাৰ, হাসা-হাসুলি ইতাদ্দি ডিঙিত পিন্ধে। ঠিক সেইদৰে গোটাখাৰু, মুঠাখাৰু, বাউতি, ৰতনচুৰ, বাজু আদি হাতত পিন্ধে। ঠেংখাৰু, পাৰখাৰু, পালিচপাতা, ছৰখাৰু আদি ভৰিত পিন্ধে। ইয়াৰ ওপৰিও কাণত মাকৰি, কাণপাশা, ফুলকড়ি,ওন্তি, ঝুমকা পিন্ধে। নাকত নথ, বালি, নাকফুল ইতাদ্দি পৰিধান কৰি নিজক দেখনিয়াৰ কৰি তোলে।
কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে, পৰম্পৰাগত জীৱন শৈলীৰ মাজতো যথেষ্টখিনি ঐতিহ্য বহন কৰে। বিশেষকৈ অতিথি আপ্যায়নৰ ক্ষেত্ৰত তামোল পাণক আগস্থান দিয়ে। ঘৰলৈ অতিথি আহিলে পোন প্ৰথমে তামোল পাণেৰে সৈতে বটাত ধুনীয়াকৈ সজাই খাবলৈ দিয়ে। তাৰ পিছত চাহ বা অন্য খাদ্যবস্তু খাবলৈ দিয়া হয়। কোচ ৰাজবংশী সকলৰ সমাজত তামোল পাণক অতিথি আপ্যায়ণৰ প্ৰতীক বুলি গণ্য কৰা হয়। অতিথক এখিলা তামোল পাণেৰে সৈতে আপ্যায়ন কৰিব নোৱাৰিলে গৃহস্থই নিজৰ সন্মান ৰক্ষা কৰিব নোৱাৰে বুলি বিশ্বাস কৰে। ইয়াৰ উপৰি সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰতো কোচৰাজবংশী সকলে তামোল পাণ ব্যৱহাৰ অনবদ্য। উল্লেখ্যযোগ্য ভাৱে সখী পতা, বিবাহত মিতৰ ধৰা আদি প্ৰথাত তামোল পাণক সাক্ষী কৰি সম্পৰ্ক গঢ় দিয়া হয়। বৰ্তমান সমাজত ৰাজহুৱা ভাবে ক্ষমা মাগিবলৈ এযোৰ তামোল পাণেৰে সেৱা জনাই নিজৰ দোষৰ ক্ৰুটিৰ মাৰ্জনা বিচৰাৰ নিয়মো পূৰ্বৰে পৰা এতিয়াওঁ প্ৰচলিত হৈ আহিছে। আহাৰ গ্ৰহণ কৰাৰ পিছত এখিলা পাণৰ সৈতে তামোল খাই মুখ শুদ্ধি কৰাৰো নিয়ম আছে। মুঠতে কোচ ৰাজবংশী সমাজত তামোল পাণে এক বিশেষ স্থান অধিকাৰ কৰি আছে। যাক মই বঢ়াই নক'লেও হ'ব। এই তামোল পাণৰ অবিহনে কোচৰাজবংশী লোকসকলৰ মাজত যেন প্ৰতিটো লোকাচাৰ পৰম্পৰাই আধৰুৱা।
বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ ভাষা-সংস্কৃতি, সাহিত্য আদিৰ গঠন, বিকাশ, প্ৰসাৰত ৰাজ্যখনৰ অন্যান্য জাতি- জনগোষ্ঠীসমূহৰ দৰে কোচ ৰাজবংশীসকলোৰো আছে গুৰুত্বপূৰ্ণ অৱদান তথা অপৰিসীম অৰিহণা আছে, যাক নুই কৰিব নোৱাৰি।
বিষুৱা হৈছে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ। চ’ত মাহৰ সংক্ৰান্তিৰ পৰা ছয় ব’হাগলৈ উদযাপন কৰে। এই উৎসৱটি সম্পূৰ্ণ সাতদিন ধৰি চলা বাবেই ইয়াৰ আন এটা নাম হ’ল সাত "বিষুৱা" বুলি অভিহিত কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনা গৃহস্থই পুৱাতে উঠি মুখ-হাত নোধোৱাকৈ আগদিনাই আনি থোৱা বেতৰ পাত, বিষ-কুটুলিৰ পাত(বিহলঙনি), কাতুৰিৰ ফুল, দীঘলতিৰ পাত, কানসিচাৰ পাত(দ্ৰোণ), বিষঢেঁকীয়া, ভেটমালিৰ পাত আৰু ফুল আদি একেলগ কৰি প্ৰত্যেকটো ঘৰৰ মাৰলত, পদূলিত, তাঁতশালত গুজি দিয়ে। ইয়াৰ লগে-লগে ঘৰৰ গৰুক লাউ, বেঙেনাৰ মালা পিন্ধাই নৈ, বিল, পুখুৰী আদিত নমাই দীঘলতিৰ পাতেৰে কোবাই-কোবাই গা ধুৱাই গৰখীয়াই এইদৰে গাই-
"লাউ খা বাইগন খা
বছৰে বছৰে বাঢ়িয়া যা
বাপ বৰো মাৱ বৰো
তুই হইছ মোটা তাজো।"
উল্লেখ্য যে, এই বিষুৱাতে কোচ ৰাজবংশী সমাজত সাতশাকী অৰ্থাৎ সাতবিধ শাক একেলগে ৰান্ধি খোৱাৰ নিয়ম আছে প্ৰচলিত লোকবিশ্বাস অনুসৰি। ইয়াৰ বাবে মহিলাসকলে সমূহীয়াভাৱে হাবিত শাক তুলিবলৈ যায় আৰু কুলাঢাকি (মাটিপিচা) ঢেঁকীয়া, বেতৰ গাজ, জঙা, তিনপাতিয়া, নিমপাত,আমৰ মল, পুণ্ডীৰ গাজ, দেৱীটোকন, ডিংডিঙাৰ আগ আদি তুলি আনে। লোকবিশ্বাস মতে সাতশাক ৰান্ধি খালে বছৰটোৰ বাবে ৰোগৰ বিজাণু, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। এনেদৰেই উলাহ-মালহেৰে কোচ ৰাজবংশী সমাজত জাতীয় উৎসৱ বিষুৱা পালন কৰা হয়।
অন্য এক প্ৰসংগত "হুদুম দেও"ৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক লোককৃষ্টি। যেতিয়া খৰাং হয় পথাৰে চিৰাল ফাঁট দিয়ে তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ, পুৰুষসকলৰ অংশগ্ৰহণ নিষেধ। এই পূজাৰ বাবে এটা হুদুম চৰাই বা কল গছৰ পুলি অনা হয়। আঁউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত এডাল খুঁটিত বান্ধি মহিলাসকলে সম্পূৰ্ণ বিবস্ত্ৰ হৈ খুঁটিৰ চাৰিওফালে ঘুৰি ঘুৰি গোটেই নিশা নৃত্য গীত কৰে। নিশাৰ আন্ধাৰৰ নৃত্য-গীতসমূহ যৌনগন্ধী আৰু এনে নৃত্য গীতেৰে হুদুম দেওৰ প্ৰতীক হুদুম চৰাই বা কলগছৰ পুলিৰ ওচৰত প্ৰকৃতিৰ উৰ্ব্বৰা শক্তি তথা বৰষুণ কামনা কৰি কৰা এই অনুষ্ঠানত প্ৰজননৰ ভাবনা প্ৰকাশিত হয়। লোকবিশ্বাস অনুসৰি হুদুম দেও সন্তুষ্ট হ’লে পৃথিৱীত ধাৰাষাৰে বৰষুণ হয়।
"বাঁশ পূজা"ও এক অন্যতম লোকসংস্কৃতি। 'বাঁশ পূজা' কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ মদন চতুদৰ্শী তিথিৰ দিনা পতা হয়। বাঁশ পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ চিকুণ কৰি প্ৰথমডালত বগা কাপোৰ আৰু দ্বিতীয় ডালত ৰঙা কাপোৰ মেৰিয়াই, বাঁহ দুডালৰ আগলিত দুটা চোঁৱাৰ বান্ধি ওচৰা-ওচৰিকৈ পোতা হয়। আনহাতে, তৃতীয়টো ডালত জাকৈ,খালৈ আৰু এখন অৰ্ধভগ্ন নাঙল ওলমাই অলপ আঁতৰত পোতা হয়। ৰঙা কাপোৰ আৰু বগা কাপোৰ মেৰিওৱা বাঁহ দুডালক যথাক্ৰমে প্ৰকৃতি আৰু পুৰুষ হিচাপে গণ্য কৰা হয়। বাঁহকেইডালৰ গুৰিত তিনি দিনধৰি পূজা তথা বিভিন্ন ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়। তাৰ উপৰিও ডেকা-বুঢ়া সকলোৱে বিভিন্ন বাদ্য-যন্ত্ৰ বজাই নৃত্য-গীত কৰি বাঁহ দেৱতাক সন্তষ্ট কৰিবলৈ যত্ন কৰে। তিনি দিনধৰি চলা পূজাৰ পিছত চতুৰ্থ দিনা ভাসানী পূজা অৰ্থাৎ পূজাৰ সকলোবোৰ বস্তু বিসৰ্জন দিয়া হয়। সিদিনা নদীত বাঁহ তিনিডাল বিসৰ্জন দি কলগছৰ ভেল সাজি কৰি তাত এযোৰ পাৰ চৰাই আৰু এটা পঠা ছাগলী নৈত উটুৱাই দিয়া হয়। লোকবিশ্বাস অনুসৰি এনেদৰে ভেল এৰি দিলে বছৰটোৰ কাৰণেই বেমাৰ-আজাৰ, অপায়-অমংগল দূৰ হয়।
"কাৰ্তিকা পূজা" বা "কাতিকা পূজা" কোচ ৰাজবংশী সকলৰ অন্যতম লোক উৎসৱ। এই উৎসৱ 'কাতি মাহ'ত অনুষ্ঠিত হয়। কাৰ্তিকা পূজাও মহিলাসকলৰ পূজা আৰু পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ। মহিলাসকলে এই পূজা বিভিন্ন নিয়মেৰে অনুষ্ঠিত কৰে। মহিলাসকলে কাৰ্তিক দেৱতাৰ মূৰ্তি স্থাপন কৰে আৰু নিয়মানুসাৰে পূজা-অৰ্চনা কৰে। এই পূজা মূলতঃ সন্তান নথকা তিৰোতাই সন্তান প্ৰাৰ্থনা কৰি সেৱা আগবঢ়ায়, যদিও শস্য, সুপাত্ৰ লাভ কৰাৰ বাবেও পূজা কৰা হয়। এই পূজা গোটেই ৰাতি চলে আৰু পূজাত গোৱা গীতসমূহৰ বেছিভাগ যৌনধৰ্মী তথা নৃত্যৰ অংগী-ভংগীতো অশ্লীলতা প্ৰকাশ পায়। লোকবিশ্বাস অনুসৰি শিৱৰ পুত্ৰ কাৰ্তিকে অবিবাহিতা আছিল, সেই কাৰণে সন্তান নোহোৱা তিৰোতাবোৰে সন্তান কামনা কৰি কাৰ্তিকৰ ওচৰত পূজা আগবঢ়ায়। কাৰ্তিকে পূজাত সন্তুষ্ট হৈ মনোবাঞ্ছা পূৰণ কৰে।
"সোণাৰায় পূজা" বা "বাঘ পূজা" কোচ ৰাজবংশী সমাজত দীৰ্ঘদিন ধৰি পালন হৈ অহা পৰম্পৰাগত লোক উৎসৱ। কথিত আছে যে পূৰ্বতে হাবি-জংগল যেতিয়া বেছি আছিল তেতিয়া বাঘবোৰে হাবিৰ পৰা ওলাই আহি গৰু-ম’হৰ লগতে মানুহৰো বিস্তাৰ ক্ষতি কৰিছিল আৰু এনে বিপদৰ পৰা হাত সাৰিবলৈয়ে মানুহে বাঘ পূজা বা সোণাৰায় পূজা কৰিছিল। সোণাৰায় হ’ল বাঘৰ ভয়ত সৃষ্টি হোৱা দেৱতা, ই বৈদিক দেৱতা নহয়। এই পূজা পুহ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই আৰম্ভ হয় আৰু গোটেই পুহ মাহতো সোণাৰায়ৰ প্ৰতীক ডোৰ এডাল লগত লৈ ঘৰে ঘৰে মাগি ফুৰে আৰু শেষত কোনো এক মুকলি ঠাইত এজন অভিজ্ঞ ব্যক্তিৰ দ্ধাৰা পূজা কৰা হয়।
আগ আনা কোচ ৰাজবংশী সমাজৰ কৃষিৰ লগত জড়িত থকা উৎসৱ। এই আগ আনাৰ পৰাই পথাৰৰ সোণগুটি ঘৰলৈ অনাৰ পৰ্ব আৰম্ভ হয়। এই উৎসৱ আঘোণ মাহৰ ভাল দিন-বাৰ এটা চাই পতা হয়। এই পূজাৰ দিনা গৃহস্থই ঘৰখন সাৰি-মটি শুদ্ধ কৰাৰ পিছত এটা পাত্ৰত পূজাৰ বাবে বিভিন্ন সামগ্ৰী যেনে তামোল-পাণ, চাউলৰ গুৰি, সেন্দূৰ, থুৰি কলৰ পাত, কাঁচি আদি সামগ্ৰী পথাৰলৈ লৈ যোৱা হয়। পথাৰলৈ গৈ পোৱাৰ পিছতে লৈ যোৱা বস্তুসমূহ কিছু নীতি-নিয়ম মাজেৰে আগবঢ়োৱা হয়। তাৰ পিছতে কলৰ পাতেৰে তিনিগছী ধান মেৰিয়াই কাঁচিৰে কাটি পাত্ৰত তুলি ঘৰলৈ নিয়া হয়।
আচলতে এই পূজা হ’ল পথাৰৰ পৰা লখিমীক ঘৰলৈ অনা, সেয়েহে পথাৰৰ পৰা আহি ঘৰ সোমায়েই ঘৰৰ দুৱাৰখন বন্ধ কৰি দিয়া হয়, লোকবিশ্বাস অনুসৰি বন্ধ নকৰিলে লখিমী আই ঘৰৰ পৰা ওলাই যায়। তাৰ উপৰি এই পূজা কৰিবলৈ যাওতে বা আহতে বাটত কাৰো লগত কথা পাতিব নাপায় বা পিচফালে ঘূৰি চোৱাও নিষেধ। নহ’লে লখিমী আইয়ে খং কৰে বুলি জন বিশ্বাস এটা আছে। ইয়াৰ বাহিৰেও বুঢ়া-বুঢ়ী ফেলা, পাহাৰ পূজা, আখা পূজা, কঢ়া-কঢ়ি পূজা, কুশান নৃত্য, ভাৱাইগীত, নয়ানশ্বৰী গীত, নৱান্ন, গোৱালিনী নৃত্য, বাশী পুৰাণ, কাতি-গাছা, ধুৱানি, ৰাখাল ভাত আদিয়েও কোচ ৰাজবংশীৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ