অপৰাধবোধ -আব্দুৰ ৰহিম

©Admin
0
নিশা ৮:৩০ বজিছে। TV- ত ইটো সিটো প্ৰগ্ৰেম চাই আছোঁ। মাজতে নিউজ চেনেল এটাৰ নেউজটোলৈ চকু গ'ল - “টিপুচুলতান ভাৰতৰ ইতিহাসৰ নায়ক নহয় খলনায়কহে"। ভাজপা সমৰ্থিত আৰু পৃষ্ঠপোষকতা লাভ কৰা জনৈক ব্যক্তিৰ উক্তি। যিজন টিপো চুলতান ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰি আত্ম বলিদান দিছিল - সেইজন নায়ক নহয়, খলনায়ক হে। কাৰণ, টিপু চুলতান আছিল হিন্দুৰ শত্ৰু । "
    বাতৰিটোৰ শিৰোনাম টো শুনি অলপ গভীৰ চিন্তাত পৰিলোঁ। " কি হৈছে আজি ভাৰতীয় ৰাজনীতিৰ পথাৰ খনত ? " - বুলি ভোৰ ভোৰাই থকাৰ বাহিৰে একো উপায় নাপালো।
     TV টো অফ কৰি অলপ মনে মনে ভাবি আছোঁ। খিৰিকী খন খুলি বাহিৰলৈ চালোঁ। দূৰৈত হাইৱে দি বাছ চলাচল কৰা এটা অতি ক্ষীন শব্দ ভাঁহি  আহিছে। হৰ্ণ বজোৱা শব্দ। কাষৰ উপ পথেৰে কেইখন মান স্কুটি চলি গৈছে। দূৰৈৰ টাউন খনৰ ইলেকট্ৰিক লাইট বোৰ জ্বলি জিলমিল কৰি আছে।যেন অসংখ্য তৰাৰ মিছিল। ওচৰৰ দুমহলীয়া ঘৰটোৰ পৰা ভূপেন হাজৰিকাৰ গীতৰ একাংশ -- " ...... ধ্বংস মুখি দৃষ্টি ভংগী / কিম্বা মনোমালিন্য / মোৰ গানৰ নহয় ই লক্ষ্য / হওঁক লক্ষ শান্তি অন্যন্যা .
      ..........বাজি আছে ! 
      ডাঙৰ লৰাটো বি চি এ 5th sem ত পঢ়ি আছে।সৰুটো উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। ডাঙৰ টোৱে কম্পিউটাৰ বিজ্ঞানৰ কিছুমান জটিল সমস্যা সমাধানৰ বিভিন্ন কৌশল আয়ত্ব কৰাত ব্যস্ত।তাৰ টেবুলত dekstop টো।কেইখনমান বিবিধ বিষয়ৰ ইংৰাজী কিতাপ জাপি থোৱা আছে। হেড ফোন এটা কাণত গুজি ইংৰাজী গান শুনি আছে। গানৰ চন্দে চন্দে ‘ৱেবচাইট দিজাইনাৰৰ’ কাম এটা কৰি আছে।
      সৰু টোৱে সিটো কোঠালিত মই যুগুত কৰি দিয়া আগন্তুক ' বক্তৃতা' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ' বক্তৃতাটো ' চিঞৰি চিঞৰি মুখস্থ কৰি আখৰা কৰি আছে।বক্তৃতাৰ বিষয় আছিল -  “অসমৰ গ্ৰাম্য অৰ্থনীতি : অতীত আৰু বৰ্তমানৰ।”
      মোৰ অৰ্ধ নিৰ্মিত দুমহলীয়া ঘৰটোৰ চৌদিশে নিৰ্মাণ কৰা বাউণ্ডৰি ৱালৰ সিপাৰৰ পথাৰ খনলৈ দৃষ্টি প্ৰসাৰিত কৰিলোঁ। আধা আন্ধাৰ আধা পোহৰ। কেইটামান গাঁৱলীয়া ৰাতিৰ পতংগৰ চিৰ চিৰ, জি জি শব্দৰ কঢ়াল। পৰিৱেশ টো গম্ভীৰ। মোৰ লৰালি গাঁৱলীয়া দিনবোৰৰ কথা মনত পেলাব ধৰিলো .....
      এখন ভিতৰুৱা গাঁও । জুপুৰী খেৰি ঘৰেৰে আবৃত এখন সৰু গাঁও.......। এটা সৰু বাঁহৰ জুপুৰিঘৰ..... ।বাঁহৰ চচালিৰে সজাঁ। বোকা মাটিৰ প্ৰলেপেৰে বেৰ বোৰ ঢকা ...........বাঁহৰ দুখন দৰ্জা......পুৰণি থলুৱা কাঠেৰে বিচনাত ধানখেৰৰ গাদি ......।পাক ঘৰটো সংলগ্ন। দুটা কোঠালিত দুটা চাকিৰ ঢিমিক ঢামাক পোহৰ।এটা চাকি পাক ঘৰত জ্বলি আছে .......মই চাকিৰ পোহৰত থৈলা এখনত বহি পঢ়ি আছোঁ ....... মায়ে পাক ঘৰত জুহালত খৰিৰে ভাত ৰান্ধি আছে ...... ধোঁৱা আৰু ঘামেৰে জৰ্জৰিত অৱস্থাত আহি পঢ়া ঠাইলৈ আহি কলে " কি এইখন পঢ়িছ চাওঁ অকন ? হিন্দী নে বঙলা কিতাপ?(তেতিয়া অসমীয়া কিতাপখন ক বঙলা বুলিয়েই কোৱা হৈছিল)। চাওঁ হিন্দী কিতাপ খন উলিয়াই ল।মই হিন্দী কিতাপখন মেলি ললোঁ। " এইটো ' ক ' মানে কলম। এইটো ' চ ' চ মানে চিয়াঁহী । এইটো ' দ ' দ - মানে দোৱাত।মাৰ লগে লগে মই আওৰাই গৈ আছোঁ ইত্যাদি .........স্কুলীয়াদিনবোৰ ..... পঢ়াশালিলৈ যোৱাৰ দৃশ্য.... স্কুলত পঢ়া দৃশ্য চিলেট - কিতাপ - পেঞ্চিল ঠৈলা কঁকালত ভাঁজ কৰি লৈ যোৱাৰ দৃশ্য...... জিৰণিৰ সময়ত পানী খাবলৈ যোৱা ....
      ছুটিৰ পিছত ইঘৰ সিঘৰৰ বাৰীৰ পিছফালে আম ,কঁঠাল , নেমু, পনীয়াল, ৰবাব টেঙা, জামু আদি চুৰ কৰি খোৱা ...... যতে ততে জুম বান্ধি মাৰ্বল ,তাং গুটি খেলা.... ইৰিকতি মিৰিকতি বাঁহৰ শলা মমাইৰ পদুলিত বন্ধিলো ঘোঁৰা ...... ইমান ইমান কাদা ভালুক দাদা / ইমান ইমান পানী / ঘৰ ঘৰ ৰাণী..... পথাৰত টেঙা বল খেলা.... সমনীয়াৰ সৈতে নদীত সাঁতোৰা...... নদীৰ বুকুত থিয় জাপ দিয়া .... কাজিয়া কৰা..... সন্ধিয়া দেউতাৰ গালি শপনি..... মাৰ নিচুকণি.... আইতা ৰ মুখৰ সাধু শুনা..... দৰিদ্ৰগ্ৰস্ত বোকাপানিৰ ৰাস্তাৰ মাজেৰে স্কুললৈ যোৱা..... বিবিধ খেতিৰ সামগ্ৰী লৈ দেউতাৰ লগত বজাৰলৈ যোৱা..... অধাপেটি ভোকৰ যন্ত্ৰণা..... ইত্যাদি।
     বহুতো পৰিৱৰ্তন হল। সময়ৰ গতিৰ লগে লগে গাঁৱৰ জীৱনৰ ও পৰিবৰ্তন আহিল। গাঁৱৰ খেৰী জুপুৰিৰ ঠাইত ঘৰে ঘৰে টিনপাত পকী ওৱালৰ আসাম টাইপৰ ঘৰ হল। ইলেকট্ৰিক লাইন আহিল। ৰাস্তা ঘাট উন্নত হল। আমাৰ ঘৰ দুৱাৰৰো পৰিবৰ্তন আহিল। হঠাৎ দেউতাৰ এজমা বেমাৰে দেখা দিলে। উন্নত চিকিৎসাৰ কাৰণে যিমান ধনৰ প্ৰয়োজন তাৰ নাটনিয়ে দেখা দিলে। মাও পেৰেলাইছিছ ৰোগত আক্ৰান্ত হল। দেউতা শয্যাশায়ী অৱস্থাত ৭৫ বছৰৰ বয়সত এদিন চকু মুদিলে। মৃত্যুৰ আগ মূহুৰ্তত বিছনাত পৰি মুমূষ অৱস্থাত যেতিয়া দাদাই মোৰ চাকৰিটো খাটাং হোৱাৰ কথা কাণত পেলালে তেতিয়া সন্তুষ্টিৰ এটা শেঁতা হাঁহি মাৰিছিল। উন্নত চিকিৎসাৰ অভাৱত মাও ৭০ বছৰৰ বয়সত এদিন চকু দুটা মুদিলে। টকা পইছাৰ অভাৱত ভাল চিকিৎসা কৰিব নোৱাৰাৰ অপৰাধ বোধ টোৱে আজিলৈকে দংশন কৰি থাকে।
     এই যে মই এতিয়া সু-উচ্চ দুমহলীয়া পকী ঘৰ সাজি নগৰৰ কাষত বাস কৰিছো, লৰা দুটাক মানুহ কৰিবলৈ, কেৰিয়াৰ সৰ্বস্ব জীৱন গঢ়িবলৈ সৰ্বস্ব সৰছান্ত কৰিছোঁ। সিহঁত দুটাই মানুহ হৈ ভৱিষ্যতে আমাৰ এই ত্যাগ মনত পেলাবনে..............? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমৎকাৰ উৎকৰ্ষৰ দিনতো আমাৰ মানসিকতা ধৰ্মান্ধতা আৰু কু- সংস্কাৰৰ পৰা মুক্ত হবনে....? এই যে ধৰ্মৰ নামত টিপু চুলতানক আক্ৰমণ কৰা হল তাৰ বাবে আমিয়ে জগৰীয়া নহয়নে...? ধৰ্ম বৰ্ণ সম্প্ৰদায়ভেদে ভিন্ন মানুহৰ মনত এটা অপৰাধবোধৰ বোজা বান্ধি আমি তথাকথিত উত্তৰণৰ পথত আগবাঢ়ি যোৱা নাইনে...? আমি নজনাকৈয়ে ইজনে সিজনক ঘৃণ কৰিবলৈ লৈছোঁ নেকি...? “অপৰাধবোধৰ”- এটা নিঃসব্দ চিৎকাৰ!
     স্মাৰ্ট ফোনটোৰ ইউটিউব চাৰ্চ কৰি আশা ভোশ্লেই 
ৰবীন্দ্ৰ গীত এটা শুনিছোঁ- “মনটা যদি নাথক্ত' তাই
মনে কিছুই পর্ত না...........................”।
                                 অন্ত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)