অচিনাকি এটি দোমোজা - নৱজিৎ নাথ

©Admin
0
কাৰ্বি পাহাৰৰ ডক্ মকা্ অঞ্চলত
 গৈছিল জীৱনৰ 
অমিয়া মাধুৰী বিচাৰি ,
  হঠাৎ এজাক প্ৰচণ্ড ধুমুহাই 
 স্তব্ধ কৰি তুলিলে জীৱন দুটি ।।
 সংগীতৰ সুৰীয়া ৰাগৰ সৈতে
 বজাইছিল বীনা ,
হাতত গীত আৰু
 সুৰৰ এক ঝংকাৰ ধ্বনি।।

নিষ্ঠুৰ নিয়তিৰ পৰিত্ৰাসত
প্ৰান গ'ল 
দুজন অসমীয়া ডেকা লৰাৰ।
চিনাকি আৰু অচিনাকী দোমোজাত
এজাক উদণ্ড দুৰ্বৃত্তৰ দলে 
অসমী আইৰ সন্তানক
মৰিয়াই মৰিয়াই মাৰিলে ।
ধৰাসাৰ ভাবে বুকুৰে
 প্ৰবাহিত কৰিলে ৰক্ত।।
 

 কেৱল চিঞৰি চিঞৰি  
 আৰ্তনাদত মগ্ন হ'ল।
 অসমীয়া দুজন ডেকা লৰা 
 "অভি "আৰু" নীল "।।
 বেদনাৰ এখনি নৈ হৈ 
 অসমৰ মাটিত চিৰদিনৰ বাবে 
 অসমীয়াৰ মাজত কান্দোন হৈ ৰ'ল।

✍️নৱজিৎ নাথ।
 ছিপাঝাৰ,দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)