সময়ে ক'লে-
মই মায়াময়,
মোক নকৰিবা
কদাপি অপচয়।
২/
উৰকলত
অনা কল,
দুদিনতে
হ'ল বিকল।
(কল- যন্ত্ৰ)
৩/
গছৰ পাত সৰাই
ধূলিয়ৰী ফাগুনী,
আকৌ আহিল
কি বা ভাবিগুণি।
৪/
হাতী চলাওঁতাক
বোলে মাউত,
কি নাম বাৰু
যি চলাই উট?
৫/
বাটৰ জেং
কৰি আঁতৰ,
আগবাঢ়িল
ৰবি পাতৰ।
৬/
লাই-লফা
পালেং-চুকা,
আহি পালে
বিহুৰ উৰুকা।
৭/
আকাশত উৰা
শেনৰ শেন চকু,
মাছ ধৰে ফালি
নৈ-পুখুৰীৰ বুকু।
৮/
ঝাউ গছত
বগাল লাও,
মাৱে বোলে
আন খাওঁ।
৯/
তুৰি-মুৰি নকৰি
নৈখন সাঁতুৰি,
হৰিয়ে আনিলে
পিতাকৰ হাতুৰী।
১০/
লোটা চোৰক
হাতে-লোটে ধৰি,
হাতী চোৰক
দিলেচোঁন এৰি!
১১/
নিৰামিষভোজী
হৈয়ে হাড়গিলাই,
নামসলনিৰ আৰ্জি
কৰিলে সিদিনাই।
১২/
খালত নমাত
এজাক হংস,
শামুকৰ হ'ল
শেষ বংশ।
১৩/
হজ কৰোতা
যদি হজুৱা,
বন কৰা জন
হ'ব বনুৱা।
(হজ-কায়িক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰোতা)
১৪/
পাহাৰত দেখি
কাছৰ ডিম্ব,
ডিম্বেশ্বৰ হ'ল
বৰ হতভম্ব।
১৫/
আলু কচুত
নাই চকু,
মাংস হ'লেহে
ভৰে বুকু।
১৬/
সপোনত লৈ
ৰাৱণৰ ভাওঁ,
খাটতে নিশা
বৰ দপদপাওঁ।
১৭/
ভৰিত জোতা
ডিঙিত টাই,
কেমটাই পহু
স্কুললৈ যায়।
১৮/
ছনে-বনে
মনে মনে
ঘূৰি কিনো
পায় ধনে?
১৯/
অসুৰৰ বচন
চোতালতে মাতি,
নিজতে মগন
হৰিমন দাইটি।
২০/
তপতাই পানী
তাই ক'লৈ গ'ল,
বাচনবোৰ দেখো
তাতে পৰি ৰ'ল।
*******************
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ