: হেল্ল',ছাৰ।
: হয়। কোনে কৈছে?
: মই Koun Bonega Cororpati ৰ পৰা কৈছোঁ।
: কিয় ফোন কৰিলে?
: ছাৰ, আমাৰ লটাৰীত আপুনি ছিলেক্ট হৈছে।
: মানে?
: আপুনি ২৫ লাখ টকা জিকিছে।
: কিন্তু মইটো ক'তো একো অংশগ্ৰহণ কৰা নাই?
: হয়,ছাৰ।
: তেনেহʼলে?
: ছাৰ, আমাৰ এই শ্ব'টো এটা নিৰ্ধাৰিত দিনত সমগ্ৰ ভাৰতবৰ্ষৰ JIO ৰ গ্ৰাহক সকলৰ ফোন নম্বৰবোৰ সংগ্ৰহ কৰি আমাৰ লটাৰী খেলত দিয়া হয়। ইয়াত আপোনাৰ নম্বৰটো ছিলেক্ট কৰা হৈছে। সেয়ে আপোনাক আমি ফোন কৰিছো।
: হয় নেকি? মই এতিয়া কি কৰিব লাগিব?
: আমি আপোনাক টকাখিনি বেংকত অনলাইন ট্ৰেন্সফাৰ কৰিম। তাৰ বাবে আপুনি আমাক ৫০ হাজাৰ টকা With GST দিব লাগিব।
: আপোনালোকে ৫০ হাজাৰ টকা ২৫ লাখ টকাৰ কাটি লওঁক।
: এইটো কৰিব নোৱাৰো ছাৰ।
: তেনেহʼলে মই টকা খিনি নিজ হাতেৰে দিব খোজোঁ।
: নহ'ব, ছাৰ। বেংকেৰে দিব লাগিব।
: কিন্তু মই টকা খিনি দিবলৈ ৰাওনা হৈছোৱে।
: কি?
: ঠিকনা ক'ত পালে?
তাৰপিছত ফোনটো কাট খাই যায়। ফোন কৰা ব্যক্তিজন অলপ আচৰিত হয়। তেনেতে কলিং বেল বাজে। মানুহজনে দুৱাৰ খন খুলি দেখে দুগৰাকী পুলিচ সহিতে ৰমেন।
: আপোনালোক?
: ইমান সোনকালেই পাহৰিলে।
: মানে?
: সেই ২৫ লাখ টকাৰ বিজেতা গৰাকী ময়েই।
: কোন আপুনি? ইয়াৰ ঠিকনা ক'ত পালে?
: মই ৰমেন দাস। Cyber Offcer, তহঁতৰ দৰে অনলাইন ঠগৰ বাপেক মই। Officer, arrest the Culprit.
তাৰ পিছদিনাখন বাতৰি-কাকতত ডাঙৰ ডাঙৰ আখৰেৰে ছপোৱা হ'ল- " অতিদিনে অনলাইনেৰে টকা হৰলুকি কৰা অনলাইন ঠগ ৰকি ওৰফে বাবুক কৰায়ত্ত কৰা হ'ল। বাবুৱে Cyber Officer ৰমেন দাসক ঠগাবলৈ চেষ্টা কৰাত নিজেই ঠগ খালে। নিজৰ বুদ্ধিমত্তাৰ আকৌ এবাৰ পৰিচয় দিলে ৰমেন দাসে। তেখেতৰ এয়া পঞ্চাছ নম্বৰ সফলতা।"
বৰ সুন্দৰ আৰু বাস্তৱ ঘটনা
ReplyDelete