জাকে জাকে ওলাইছে
জোনাকী পৰুৱা,
কুম্ভীপাকৰ যান্ত্ৰণাক
আওঁকান কৰি।
শূন্যৰ পৰা যাত্ৰা
নিস্বাৰ্থ কৈ ধৰাক পোঁহৰ
বিলোৱাৰ মানসেৰে,
দিগন্তলৈ বুলিছে বাট।
সহস্ৰ জনৰ বাটৰ সহযাত্ৰী,
কাৰোবাৰ নিশাৰ সংগী
আৰু মোৰ দৰে এজনৰ
কবিতাৰ শিৰোনামা হবলৈ।
অহ!
নিশা গভীৰ হৈ পৰিছে,
সন্ধিয়া তাণ্ডব কৰি ফূৰা
ছগা জনীয়ো ভাগৰি পৰিছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ