ফাগুনৰ আগমন-শিল্পী দাস

Rinku Rajowar
0
প্ৰতি বছৰৰ অন্তে অন্তে
অহা তুমি ফাগুন,
মানুহৰ মনলৈ বয় অনা
মধুময় প্ৰেমৰ সপোন।

ফাগুনৰ আগমনৰ বতাহজাকে
চৌপাশত প্ৰেমৰ সুবাস ওপচি পৰে,
গছৰ পাতবোৰৰ অমিয়া মিলনত
চৰাইবোৰে হৃদয় উজাৰি গান কৰে।

ধূলিৰ বাটত ধূলি আঁতৰাই
ফাগুনৰ আগমনে কৰিছে ৰূপময়,
আজিৰ এই দিনৰ প্ৰতিপ'ল
যেন সকলো লাগে সুখময়।

আছিলোঁ মই তিক্ত-ৰিক্ত
ঠিক যেন শুকান কাঠ,
তুমি আহি দিলা মোক
জীৱনৰ জীয়াই থকাৰ বাট।

মোৰ জীৱনত ফাগুন মানে
এটা মাহ নহয়,
ফাগুনৰ আগমন একাবেকা হ'লেও
প্ৰেমৰ বাৰ্তা লৈ অহা এখনি নৈ।

ফাগুনৰ আগমনত ৰঙা বেলি
উকিজুকি মাৰে,
মিচিকিয়া হাঁহিৰ মুখখনেৰে
চাই পাতৰ আঁৰে আঁৰে।

ফাগুনৰ ৰূপ মাধুৰ্য্য
 অতুলনীয় অসীম,
কল্পনাহীন সাগৰ তুমি
প্ৰতিবছৰ তোমাৰ আগমনৰ অপেক্ষা কৰিম।
       
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)