ফাগুনৰ আৰম্ভণি বাৰ্তা -বন্দনা ভৰালী গগৈ

Rinku Rajowar
0
প্ৰেমৰ এক পূৰ্ণ আৱৰণৰ পোছাক,
প্ৰেমৰ এক বিশেষ অনুভূতিৰ পোছাক,
প্ৰেমৰ এক বিশেষ উপহাৰৰ পোছাক,
প্ৰেমৰ এক বিশেষ হৃদয় স্পন্দনৰ পোছাক।।

দেহৰ আকৃতিত নতুনত্বৰ পৰিলক্ষিত হয়,
দেহৰ আকৃতিত ভৰযৌৱনে সহাঁৰি জনাই,
দেহৰ আকৃতিত ৰোমান্টিক কবিতা ওপজে,
দেহৰ আকৃতিত চঞ্চলা গাভৰু ৰচকি হয়।।

মলয়াই মনে মনে অধৰৰ ফুলনি তৈয়াৰ কৰে,
মলয়াই কাণে কাণে ভালপোৱাৰ বাৰ্তা দিয়ে,
মলয়াই আউলী বাউলী কেশবোৰক মৰম দিয়ে,
মলয়াই প্ৰেমিকাৰ দুগালত মৰমৰ চুমা খালে।।

ধূলিয়াৰী পৰিবেশৰ সৃষ্টি হয় ফাগুনৰ প্ৰথমত,
ধূলিয়াৰী পৰিবেশৰ লগত বৰদৈচিলাৰ হয় আগমন,
ধূলিয়াৰী পৰিবেশৰ সৌন্দৰ্য হয় অতি মনোৰম ,
ধূলিয়াৰী পৰিবেশৰ লগত বৰ্ষাজনী হয় ঠেহুলী।।

ফাগুনৰ বাৰ্তাত সংযোজিত হয় চতোৱা ককাই,
ফাগুনৰ বাৰ্তাত সংযোজিত হয় লঠঙা বিৰিখ,
ফাগুনৰ বাৰ্তাত সংযোজিত হয় কুকিলকণ্ঠী জনী,
ফাগুনৰ বাৰ্তাত সংযোজিত হয় নৱবৰ্ষৰ সময়।।

              ✍️ বন্দনা ভৰালী গগৈ,শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)