১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে' নহয় ! হ'ব গো-মাতা আলিংগন দিৱস- চিন্ময় ডেকা

©Admin
0
সাম্প্রতিক ২০২৩ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ভাৰতীয় পশু কল্যাণ পৰিষদে এক জাননী জাৰি কৰি ১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে'ৰ পৰিৱৰ্তে "গো-আলিংগন" দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে দেশ তথা ৰাজ্যবাসীক। ব’ৰ্ডৰ মতে, এই দিৱস পালন কৰিলে গৰুৰ লাভালাভ আৰু গৰুৱে কেনেদৰে ভাৰতীয় সংস্কৃতি অৰ্থাৎ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডৰ ক্ষেত্ৰত কেনেদৰে সমৃদ্ধি ঘটিব।লগতে এই দিৱসৰ ফলশ্রুতিত মানুহৰ মাজত সামূহিক সুখ আৰু ইতিবাচক শক্তি বৃদ্ধি পাব। পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ বাবে বৈদিক পৰম্পৰা প্ৰায় বিলুপ্ত হোৱাৰ পথত অগ্রসৰ হৈছে। সেয়েহে গো-আলিংগন দিৱসৰ দৰে এটা বিশেষ দিনৰ প্ৰয়োজন আছে বুলিও পশু কল্যাণ ব’ৰ্ডে জাননীখনত উল্লেখ কৰিছিল।
          কিন্তু, এনিমেল ৱেলফেয়াৰ ব’ৰ্ড ইণ্ডিয়াৰ সচিবৰ নতুন পত্ৰৰ এক বিবৃতি যোগে ১৪ ফেব্ৰুৱাৰী দিনটো পালন কৰিব নালাগে গো-মাতা আলিংগন দিৱস বুলি সদৰী কৰিছে। অৰ্থাৎ "COW HUG DAY" পালনৰ আহ্বান প্ৰত্যাহাৰ কৰিছে এনিমেল ৱেলফেয়াৰ ব’ৰ্ডে। এই পত্ৰখনত সচিব এছ কে দত্তই স্বাক্ষৰ কৰিছে। দত্তৰ এই স্বাক্ষৰিত আহ্বানে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত। "আছাম ট্ৰিবিউনৰ" বাতৰিৰ এক প্ৰতিবেদনত পোৱা তথ্য অনুসৰি তেখেতে এই ধৰণৰ দিৱসক অপৰিপক্ক আখ্যা দিছে। প্ৰেমিক-প্ৰেমিকাৰ বাবে এটা মধুৰ বা বিশেষ দিন হ’ল ভেলেণ্টাইন ডে'। পশ্চিমীয়া সংস্কৃতিৰ পৰা অহা এই "নতুন পৰম্পৰা" বিগত কেইটামান বৰ্ষৰ পৰা অসমতো শিপাইছে। সময়ৰ গতিত আৰু বিশ্বায়নৰ প্ৰভাৱত পালন কৰি অহা হৈছিল ভেলেণ্টাইন ডে’। কিন্তু ২০২৩বর্ষৰ পৰা ভাৰতবৰ্ষৰ লগতে ৰাজ্য অসমতো ভেলেণ্টাইন ডে’ত প্ৰেমিক-প্ৰেমিকাৰ আলিংগন কৰা বিপৰীতে আপুনি আৰু মই গো-মাতাক "Cow Hug Day in India" আলিংগন কৰো আহকচোন, মনবোৰ পবিত্ৰ হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)