আকৌ ফাগুন আহিল- সংযুক্তা বৰা

©Admin
0
সেইদিনা বাটত দেখিলোঁ
শিমলু ফুলৰ ৰঙা দলিচা
ধূলিয়ৰি বাটত ৰঙা শিমলুৰ হিউমাচ
মই তাতে ৰৈ ভাবিলো
ফাগুন আকৌ আহিল।

আকৌ আহিল
এটা ফাগুন 
উকা উকা মনৰ
আকৌ এটা ফাগুন 
শিমলুবোৰ বাটত ভেঁকুৰ হোৱাৰ
আকৌ এটা ফাগুন  
সৰাপাতে ব'হাগক মাতি
মাটিত মিলি যোৱাৰ

এই ফাগুনত মই জীৱনানন্দক পঢ়িম
এখন ট্ৰাম আৰু ফাগুনৰ এজাক বলিয়া 
বতাহ
এইবাৰ ফাগুনৰ বাটত মই জীৱনানন্দৰ 
লগত কথা পাতিম

উৰিম ফাগুনৰ ৰঙা আকাশত
মতলীয়া হৈ
অকলে , নিৰৱে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)