ভেলেন্টাইন ডে-নাছিৰ আহমেদ

©Admin
0
তুমি আহিবা বুলি আছোঁ বাট চাই
জিলমিল জোনাকৰ স্নিগ্ধ-ধাৰাই
তোমাৰ অহাৰ বাট ৰূপালী বৰ্ণচ্ছটা বিয়পাই দিয়ে।

তুমি আহিলেই আইৰ দুচকুত সপোন উজলি উঠে,
দেউতাৰ বুকুত শান্তিৰ নিশ্বাস উঠা নমা কৰে।

তুমি আহিবা বুলি আছোঁ বাট চাই     
তুমি আহিলেই পদ-পথৰ অনাথ শিশুৰ আশা জাগে,
বিধৱা মহিলাই উকা কপালত চন্দনৰ ফোট লয়,
গৰ্ভৱতী নাৰীৰ গৰ্ভস্থ সন্তানটি একলা দুকলাকৈ বাঢ়ে,
ডেকা-গাভৰুৰ হৃদয়ত যৌৱনৰ জোঁৱাৰ উঠে ;
জাতি ভেদৰ বাধা নেওচি মিলনৰ গীত ৰচে,
 শোষিত শ্ৰেণীয়ে বৈষম্যৰ প্ৰাচীৰ ভঙাৰ শব্দ শুনে,
ককা দেউতা ,আইতাৰ জধলা ওঁঠে চুমা যাঁচে।

তুমি আহিবা বুলি আছোঁ বাট চাই

তুমি আহিলেই মন্দিৰৰ ঘন্টাধ্বনিত আনন্দ জাগে,
মছজিদৰ আজানৰ সুমধুৰ সুৰত শান্তি ভাঁহে,
ক্ৰুচৱিদ্ধ যিশুৰ কণ্ঠত প্ৰেম উথলি উঠে,
গ্ৰন্থচাহেবৰ পৃষ্ঠাই পৃষ্ঠাই বিশ্বাসে প্ৰাণ লভে,
জনজাতীয় সকলৰ পৰম্পৰাত সৌন্দৰ্য্যৰ পোহাৰ মেলে।

তুমি আহিবা বুলি আছোঁ বাট চাই
তুমি আহিলেই ধ্বংসস্তুপৰ বিননি কমে,
বাটে পথে সুখৰ সন্ধান জিলিকি থাকে,
সাম্য-মৈত্ৰী- ভ্ৰাতৃত্বৰ এনাজৰী কটকটীয়া হয়,
গণতন্ত্ৰ আৰু সাম্যবাদে নৱৰূপ লাভ কৰে।

হে ভেলাইন্টিন ডে , প্ৰেমৰ দিন

তুমি আহা প্ৰতি মুহূৰ্ত্তে, প্ৰতি দিনে ,প্ৰতি বছৰে
পতি-পত্নীৰ দাম্পত্যৰ মধুৰ সম্পৰ্ক অটুট থাকক!
পতি-পত্নীৰ দাম্পত্যৰ মধুৰ সম্পৰ্ক অটুট থাকক ।

 ‌✍️নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)