ৰঙীন তোৰণৰ সিপাৰে-যদুমণি গগৈ

©Admin
0
কাৰ লিহিৰী হাতৰ পৰশত
শিহৰণ জাগে ,
অপ্ৰকৃতিস্থ শৰীৰত
শোণিতৰ পিৰপিৰনি বাঢ়ে
সিৰা-উপসিৰাত !

বাঙময় নিৰৱতা ভেদি
মনে প্ৰাণে দিবলৈ উত্তাউল
এপাহি ৰঙা গোলাপ ,
অসীম হেঁপাহৰ ক্ষুধাত
গুছি আহিলোঁ দিবলে
ৰামধেনুৰ ৰঙীণ তোৰণৰ সিপাৰে।

বুকুৰ ভিতৰত শব্দ বাজে
প্ৰকাশৰ ভাষা মুখত নুফুটে
কোনে বাৰু আঁচল উৰুৱাই
বাট দেখুৱাই মোক!

গহীন আন্ধাৰ নিশা
এটি আকুল উতলা মাত
ভাঁহি আহে দূৰ-সুদূৰৰ পৰা
উথলি উঠক হিয়াৰ বাসনা
মিলনভূমি হওঁক 
অমিয়া সাধনা ।

✍️যদুমণি গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)