কথা দিছোঁ তোমাক-সংযুক্তা বৰা

©Admin
0
কথা দিছোঁ তোমাক,
তুমি যিদিনাই নিবলৈ আহিবা, 
গুচি যাম তোমাৰ সৈতে।
আকৌ দুনাই উভতি নাহো,
নাহো মানে তোমাৰ লগত গ'লে
উভতি আহিব পাৰিম জানো?
মই জানোঁ এদিনটো তুমি আহিবাই।
সেই দিনলৈয়েটো অপেক্ষা কৰিছোঁ।
বেয়া পালেও তোমাৰ লগত
যাবই যে লাগিব।
এদিন হ'লেও যে তোমাক 
আপোন কৰিবই লাগিব। 
কথা দিছোঁ তোমাক 
তোমাৰ মন গ'লেই মই 
গুচি যাম তোমাৰ লগত। 
কিন্তু বাটে ঘাটে অসময়ত
টানি নিনিবা মোক 
কাবৌ কৰিছোঁ তোমাক। 
সময় হ'লে আহি সসন্মানে
লৈ যাবাহি মোক কাবৌ কৰিছোঁ।
যাব লাগিব যেতিয়া তোমাৰ সৈতে
সময়তহে নিবা আহি।
হে মৃত্য
কথা দিছোঁ তোমাক 
তুমি আহিলেই মই গুচি যাম তোমাৰ সৈতে,
কিন্তু অসময়ত নাহিবা দেই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)