খৰাং-ৰজনী কুমাৰ ডেকা

©Admin
0
বিৰিখবোৰ আজি লঠঙা হ‘ল
চৌদিশৰ সেউজীয়া আভাই
বয়সৰ চাপত বিক্ষিপ্ত দলিচা পাৰিলে ৷
নিয়তিৰ আদেশত কিছু ক্ষণ 
তাতে জিৰাবলৈ ল'লে ,
ডাললৈ আৰু নাহে উভতি ৷
কঠোৰ জলৰাশিত পৰি 
ৰঙা-নীলা ফুলবোৰৰ উশাহ
ক্ষীণ হ'ল ৷
ইনাই-বিনাই কান্দে ডালৰ 
কুলি-কেতেকী ,
খৰাঙৰ বতৰা সঁচাকৈয়ে নিসঙ্গ ৷
কেতিয়া সৰি পৰিব ডাৱৰৰ চকুপানী ?
হয়তো প্ৰাণ পাই উঠিব বিৰিখৰ
আবেগ অনুভূতি ৷
খৰাঙত যেন অনুপ্ৰেৰণা নাই
কুলু কুলু জুৰিটিৰ ,
উলংগ হৈছে বানে ভৰা নদীটি ৷
খৰাঙত অকণমানো নাই 
প্ৰকৃতিৰ মাধুৰী  ৷
কথা দিয়া বৃষ্টি খৰাঙক দিবানে বিদায় !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)