ফাগুনৰ উমান পালোঁ
উতনুৱা ফাগুনৰ দৰে যেন
ময়ো উন্মনা হৈ পৰিলোঁ।
উৰুঙা উৰুঙা লগা হৃদয়
ফাগুনৰ আগমনত আৰু
মদাৰৰ গোন্ধত বাউলী হ'ল
উদাসীন মনো ফাকুৱাৰ ৰঙত
আপোন পাহৰা হৈ ৰ'ল ।
এই ফাগুনতেই তোমালৈ বুলি
অজস্ৰ অনুভূতিৰ কবিতা লিখিলো
চৌপাশৰ লঠঙা গছবোৰ দেখি
বলিয়া মেঘৰ বৰষুণজাক স্পৰ্শ কৰি ।
নৈৰ পাৰৰ হৃদয় জোৰোৱা
এজাক মৃদু বতাহত
অনুভৱী অভিমানী হৈ পৰো
ফাগুন তুমি বদনামী হ'ব পাৰা
কিন্তু তোমাৰ বাবে অনুৰাগ
জাগি উঠাত কেতিয়াও
মনটোৱে কৃপনালি নকৰে জানা
হ'ব পাৰা তুমি আনতকৈ পৃথক
তথাপিও চোন বাৰে বাৰে তোমাৰ
প্ৰেমতে পৰি সৃষ্টি কৰোঁ কবিতা
পছোৱা বতাহজাকত নাচি
উৰণীয়া হৈ পৰো ক্ষন্তেকৰ বাবে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ