ফাগুন -ৰিমাশ্ৰী কোচ ৰাজবংশী

©Admin
0
শান্ত - সমাহিত এই পৃথিৱীৰ বুকুত ফাগুনৰ পুনৰ আগমন ।
হালিছে কঁহুৱা, বলিছে পছোৱা ,
ভোমোৰাৰ মৃদু গুঞ্জন । 

পৃথিৱীৰ সুকুমল কোলাত ফাগুনে পুনৰ দলিচা পাৰিছে,
উতনুৱা ফাগুনৰ বাউলী বতাহে মোৰ উন্মনা যৌৱনক বৰকৈ আমনি কৰিছে । 

সেউজীয়া পাতত ফাগুনে দিলেহি আবিৰ সানি,
শুনিছোঁ আজি সৰাপাতৰ বিননি ।
বলিয়া ফাগুনৰ পছোৱা বতাহত
নদীৰ পাৰত কঁহুৱাৰ লয়লাস ।

লঠঙা গছৰ ডালত বহি কেতেকীৰ কৰুণ বিননি,
আকাশে, বতাহে সকলোতে যেন এতিয়া বৰদৈচিলাক আদৰাৰ প্ৰস্তুতি ।

                    ✍️ৰিমাশ্ৰী কোচ ৰাজবংশী
                    দশম শ্ৰেণী
                    ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)