মিচ্ নীলাঞ্জনা -নৱজিৎ নাথ

©Admin
0
মৰমৰ মিচ্ নীলাঞ্জনা....
মৰমবোৰ সদায় সাদৰি লৱা।
শৰৎ উম্মানা অভিমানী  
শুকুলা মেঘৰ আৱৰন গ'ল।
এতিয়া মাথোঁ চোদিশে 
ফাগুনৰ পছোৱা বতাহ আৰু 
পলাশ শিমলু আৰু মদাৰৰ এয়া সময়..! 
বাউলী ফাগুনক নেওচি
মোৰ অভিমানী হৃদয়ৰ 
 সপোনৰ বিশেষ পঁজাত 
এবাৰ জিৰনি ল'বলৈ 
এবাৰ মাথোঁ মৰম যাচিবলৈ আহিবানে তুমি.....??  

মিচ্ নীলাঞ্জনা.…..!
সোঁৱৰণী এখিলা বতাহৰ মাজেৰে 
স্মৃতিৰ পৰিধীৰ সিপাৰত   
উমুগ্ধ নদীৰ পাৰত 
 ভালপোৱাৰ এছাতি
মধুৰ শিহৰন জগাবলৈ।
এবাৰ মাথোঁ আহিবানে তুমি .......?? 

বতাহত ৰিনি ৰিনি শব্দৰে 
ফাগুনৰ উদং পথাৰৰ মাজত 
এজাক ধুলিয়ৰী বাটৰৰ মাজৰে 
হালধীয়া হালধীয়া সৰিয়হ বাটেৰে
সোঁৱৰণী মানস পৃষ্ঠাত সিচিঁবলৈ,
স্মৃতিৰ এমুঠি আভাষ যোগাবলৈ
মনৰ উচ্চাকাংক্ষী দিগন্তৰ মাজত
এৱাৰ মাথোঁ আহিবানে তুমি....??

তোমাৰ অপেক্ষাতে আজিও 
উন্মুক্ত কবিৰ ডায়েৰী খন
 উকা অলিখিত এখিলা 
 বগা কাগজৰ হৈ আছে ।
 এবাৰ মাথোঁ আহিবানে তুমি......!
এয়া তোমাৰ অপেক্ষাতে ...??

✍️নৱজিৎ নাথ। 
ছিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)