বহু দিনৰ মুৰত
ঘৰলৈ বুলি যাত্ৰা কৰিছো যে।
জন্মদাতা পিতৃ-মাতৃ,
মৰম লগা হে কণমাণি জনী
সুখ-দুখতো সহভাগি হোৱা
সহৰ্ধমিনি
মুখনি দেখিবলৈ পাম যে।
ঘৰলৈ বুলি যাত্ৰা কৰোঁতে
আহিল এটি দু-খবৰ
চেলা-গিৰিপথত
শত্ৰু সৈন্যই হেনো আক্ৰমণ কৰিছে।
হঠাৎ!
মনটো ফাগুনৰ পছোৱা
বতাহ জাকৰ দৰে হৈ ৰ'ল
নগ’লেও হয়তো হাঁহিব শত্ৰু সৈন্যই
কাপুৰুষ বুলি।
যাবই লাগে
এইবাৰু আধৰুৱাই হৈ ৰ'ল
ঘৰলৈ কৰা সেই যাত্ৰা।
🔴ধনমণি কোঁৱৰ
লক্ষীমপুৰ ( বগীনদী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ