মোৰ লক্ষ্য-গৰিমা বৰা

©Admin
0
কৰি ভাল পোৱা কামেই লক্ষ্য
বেয়া কামো কৰিব পাৰে তোমাৰ স্বভাৱ নষ্ট,
কৰিবা ভাল কাম 
তেহে পাবা সমাজত নাম।

হ'ব পাৰে লক্ষ্য বিভিন্ন
কৰিব লাগিব কাম নিশ্চিন্ত,
নোৱাৰা কাম কৰিবা এশ বাৰ
তেহে পাবা লক্ষ্যৰ দুৱাৰ।

লক্ষ্য তোমাৰ বাবে যৎপৰোনাস্তি
হ'ব পাৰে তোমাৰ লক্ষ্য কষ্ট
কিন্তু নহয় শাস্তি।

ঠিক কৰিব লাগিব আমাৰ স্বভাৱ, চৰিত্ৰ
তেহে থাকিব আমাৰ লগত মিত্ৰ,
যেতিয়া লক্ষ্যত উপনীত হ'ব পাৰিবা
জীৱনত এক নতুন সফলতা গঢ়িব পাৰিলোঁ বুলি ভাবিবা।

হ'ব লাগিব লক্ষ্যত উপনীত
কৰিব লাগিব কাম গোপনীত,
লক্ষ্য তোমাৰ নক’বা আনক
আনে কৰিব তোমাৰ লক্ষ্যক দহন।।

                  🔴গৰিমা বৰা
                   অষ্টম শ্ৰেণী 
                 শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)